ভোগালী বিহু উপলক্ষে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব নগাঁও স্প’ৰ্টছ কাৰ্ণিভেল

নৱবৰ্ষৰ আৰম্ভণিতে ভোগালী বিহু উপলক্ষে হয়বৰগাঁও স্প’ৰ্টছ ক্লাৱে সোণাইঘাট ছলছলি খেলপথাৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিব নগাওঁ স্প’ৰ্টছ কাৰ্ণিভেল ২০২৬। অহা ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই কাৰ্ণিভেল। 

author-image
Asomiya Pratidin
New Update
new ap web 4

ডিজিটেল সংবাদ,  বেবেজীয়াঃ নৱবৰ্ষৰ আৰম্ভণিতে ভোগালী বিহু উপলক্ষে হয়বৰগাঁও স্প’ৰ্টছ ক্লাৱে সোণাইঘাট ছলছলি খেলপথাৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিব নগাওঁ স্প’ৰ্টছ কাৰ্ণিভেল ২০২৬। অহা ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই কাৰ্ণিভেল। 

৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব লগা এই কাৰ্ণিভেল ৩১ জানুৱাৰী তাৰিখে সামৰণি পৰিব। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই কাৰ্ণিভেলত ছলছলি প্ৰিপিয়াৰ লীগ ছিজত ৩ অনুষ্ঠিত হ'ব। প্ৰিমিয়াৰ লীগৰ বিজয়ী দলে ৫ লাখ টকা প্ৰাইজমানি, ট্ৰফী লাভ কৰাৰ লগতে বিজিতা দলে ২ লাখ ৫০ হাজাৰ টকা আৰু ট্ৰফী লাভ কৰিব। 

উল্লেখ্য যে, এই খেলৰ শ্ৰেষ্ঠ খেলুৱৈক উপহাৰ হিচাপে এখন বাইক আগবঢ়োৱা হ'ব। ইয়াৰ উপৰি প্ৰত্যেক খেলতে শ্ৰেষ্ঠ খেলুৱে বাছনি কৰি উপহাৰ আগবঢ়োৱা হ'ব। ২৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব লগা খেলত বেডমিণ্টন,চেছ, কাবাডী আৰু ভলিবল খেল অনুষ্ঠিত হ'ব।এই চাৰিওটা খেলত মুঠ ৫ লাখ টকাৰ প্ৰাইজমানি আগবঢ়োৱা হ'ব।

খেল পৰিচালনা সমিতিত সভাপতি হিচাপে ৰিলিফ পলিক্লিনিকৰ স্বত্বাধিকাৰী তথা বিশিষ্ট চিকিৎসক ডাঃ আৰিফুল হকৰ নেতৃত্বত ১০০ জনীয়া এক শক্তিশালী পৰিচালনা কমিটি গঠন কৰা হয়। কমিটিত সাধাৰণত সম্পাদক খাইৰুল ইছলাম, ছাব্বিৰ আহমেদকে ধৰি ধন ভৰালী হিচাপে এছ.বি কাৰ বজাৰৰ স্বত্বাধিকাৰী বাহাৰুল ইছলামক দায়িত্ব দিয়া হয় ।এই খেলত অসমৰ লগতে ভাৰতৰ বাহিৰৰ খেলুৱৈ সকলৰ অংশগ্ৰহণ কামনা কৰিছে পৰিচালনা সমিতিয়ে।

নগাঁও