/asomiyapratidin/media/media_files/2026/01/26/702-2026-01-26-09-39-26.jpg)
ডিজিটেল সংবাদ ,নগাঁও : দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উলহ-মালহেৰে উদযাপন কৰে। গণৰাজ্য দিৱস উপলক্ষে চহৰখনৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে অসম চৰকাৰৰ শক্তি, ক্ৰীড়া ও যুৱ কল্যাণ, আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই।
কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মন্ত্ৰী গাৰ্লোচাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণৰ প্ৰাৰম্ভতে দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মুক্তি যুঁজাৰু সকলৰ স্বদেশ প্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ভাষণ প্ৰসংগতে মন্ত্ৰী গৰাকীয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়ন মূলক আঁচনি সমূহৰ বিষয়ে চমু খতিয়ান দাঙি ধৰে।
ইয়াৰ পূৰ্বে মন্ত্ৰী গাৰ্লোচাই গণৰাজ্য দিৱস উপলক্ষে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট এণ্ড গাইড আৰু বহু কেইখন বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে প্ৰদৰ্শন কৰা কুছ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us