/asomiyapratidin/media/media_files/2026/02/22/parthaaaa-2026-02-22-21-10-02.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ উৰিয়াগাঁও নিবাসী ববী হাজৰিকা আৰু প্ৰয়াত শ্ৰীমন্ত নাথৰ পুত্ৰ পাৰ্থজ্যোতি নাথে হাইদৰাবাদস্থিত নিউ ব্ৰেভ' ছিকিউৰিটী এজেঞ্চিৰ অধীনত কৰ্মৰত অৱস্থাত নিজৰ কোঠাত শনিবাৰে নিশা চৰম পন্থা বাচি লোৱাৰ খবৰে সমগ্ৰ উৰিয়াগাঁৱত শোকৰ ছাঁ পেলাইছে।
প্ৰায় ৩০ বছৰ বয়স গৰকা অতিশয় দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পাৰ্থই ১ বছৰৰ পূৰ্বে হাইদৰাবাদলৈ কাম বিচাৰি গৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। খবৰ অনুসৰি মাতৃ ববী হাজৰিকা তেখেতৰ ভগ্নী আৰু এসময়ত উক্ত এজেঞ্চিটোতে কাম কৰা এজন সহকৰ্মীৰ লগত ইতিমধ্যে হাইদৰাবাদলৈ ৰাওনা হৈছে।
হাইদৰাবাদস্থিত কোম্পানীটোৰ জনৈক হেমন্ত দেকালৰ লগত যোগাযোগ কৰাত তেখেতে ঘটনাতো সংঘটিত হোৱাৰ পাছত স্থানীয় পুলিছক খবৰ দিয়ে আৰু পাৰ্থৰ নশ্বৰ দেহ শীত-তাপ নিয়ন্ত্ৰিত মৰ্গত সংৰক্ষিত কৰিছে বুলি জনাইছে। সোমবাৰে পুৱা ৯.৩০ বজাত উক্ত থানাত যাৱতীয় কাৰ্য সম্পাদন কৰি মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়াৰ কথা বুলি তেখেতে জানিবলৈ দিছে।
ইফালে, দৰিদ্ৰ পৰিয়ালটোৱে মৃতদেহটো অসমলৈ ঘূৰাই অনাত অসম চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ সহায় বিচাৰি ইতিমধ্যে অসম চৰকাৰ তথা প্ৰশাসনৰ লগত যোগাযোগ কৰাত ইতিবাচক সঁহাৰি লাভ কৰিছে বুলি জানিব পৰা গৈছে। হাইদৰাবাদত সহকৰ্মী সকলৰ লগত ওপৰোক্ত এজেঞ্চিটোৰ জড়িয়তে ছিকিউৰিটী গাৰ্ড হিচাবে নিয়োজিত পাৰ্থই কিয় এনেদৰে চৰম পন্থা বাচি ল'লে তাৰ সঠিক তথ্য বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us