/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-20-08-27.jpg)
ডিজিটেল ডেস্কঃ অসমৰ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনলৈ এক সুখবৰ কঢ়িয়াই আনিছে নগাঁৱৰ পৰিৱেশ কৰ্মী তথা 'হাতী বন্ধু' হিচাপে পৰিচিত বিনোদ দুলু বৰাই। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সেৱাৰ স্বীকৃতি স্বৰূপে তেওঁক কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ে 'প্ৰজেক্ট এলিফেন্ট'ৰ ষ্টিয়েৰিং কমিটীৰ সদস্য হিচাপে মনোনীত কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/whatsapp-image-2026-01-10-20-07-04.jpeg)
উল্লেখযোগ্য যে,'হাতীবন্ধু'ৰ জৰিয়তে হাতী-মানুহৰ সংঘাত নিৰাময়ৰ দিশত বিশেষ সফলতা লাভ কৰি আহিছে বিনোদ দুলু বৰাই। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'মন কি বাত'ত প্ৰশংসা কৰিছিল হাতীবন্ধুৰ পদক্ষেপক।ইয়াৰ পাছতেই কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ হস্তী প্ৰকল্পৰ দলত স্থান লাভ কৰিলে প্ৰকৃতিপ্ৰেমী তথা "হস্তী বন্ধু" সংগঠনৰ অন্যতম কৰ্মীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/10/whatsapp-image-2-2026-01-10-20-07-18.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us