নগাঁৱত জিলা পৰ্যায়ৰ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস ২০২৫ ৰ শুভাৰম্ভ

আশাকৰ্মী আৰু অংগনাবাড়ী কৰ্মী সকলে সকলো অংগনবাড়ী কেন্দ্ৰত আৰু গৃহ পৰিদৰ্শনৰ জড়িয়তে ১ ৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশু তথা কিশোৰ-কিশোৰীক পেলু মুক্ত হোৱাটো নিশ্চিত কৰিবলৈ পেলু নাশক বড়ি প্ৰদান কৰিব ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাঁওঃ  নগাঁও গ্ৰাম্য পুথিভঁৰালৰ প্ৰেক্ষাগৃহত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস, ২০২৫ ৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।আজিৰে পৰা ১৮ ডিচেম্বৰলৈকে চলিব লগা এই অভিযানৰ অধীনত জিলাখনৰ এবছৰৰ পৰা ১৯ বছৰৰ শিশু আৰু কিশোৰ-কিশোৰীক বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত পেলু নাশক বড়ি (এলবেণ্ডাজল টেবলেট) সেৱন কৰোৱাৰ ব্যৱস্থা কৰা হৈছে লগতে বিদ্যালয়লৈ যোৱা সকলো শিশুক বিদ্যালয়তে পেলু নাশক বড়ি প্ৰদান কৰা হব।

আশাকৰ্মী আৰু অংগনাবাড়ী কৰ্মী সকলে সকলো অংগনবাড়ী কেন্দ্ৰত আৰু গৃহ পৰিদৰ্শনৰ জড়িয়তে ১ ৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশু তথা কিশোৰ-কিশোৰীক পেলু মুক্ত হোৱাটো নিশ্চিত কৰিবলৈ পেলু নাশক বড়ি প্ৰদান কৰিব । জিলা স্বাস্থ্য সমিতিয়ে ঘৰলৈ বড়ি সেৱন কৰাবলৈ অহা স্বাস্থ্য কৰ্মী সকলক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অভিভাৱকসকলক আহ্বান জনাইছে।

আজিৰ এই শুভাৰম্ভ অনুষ্ঠানটিত জিলা অতিৰিক্ত আয়ুক্ত সুদীপ নাথ, জিলা  প্ৰতিষেধক বিষয়া ডাঃ মুকুট ডেকা, শিশু স্বাস্থ্যৰ নডেল বিষয়া ডাঃ গিৰিন্দ্ৰ কুমাৰ নাথ, আৰবান এফ.ডব্লিউৰ ভাৰপ্ৰাপ্ত বিষয়া, ডাঃ মুন শইকীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক  অর্ণিবান বৰঠাকুৰ, গ্ৰাম্য পুথিভঁৰালৰ সম্পাদক  খগেন্দ্ৰ চন্দ্ৰ নাথকে প্ৰমুখ্য কৰি ডি.চি.এম, ডি.চি.অ', ডি.পি.এ, এ.বি.পি.এম, এ.এন.এম, আশা কৰ্মী আৰু বহুসংখ্যক শিশু তথা কিশোৰ-কিশোৰী আৰু তেওঁলোকৰ অভিভাৱক সকল উপস্থিত থাকে ।

নগাঁও