/asomiyapratidin/media/media_files/2025/09/08/1-2025-09-08-23-20-04.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ ইতিহাসপ্ৰসিদ্ধ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি সফলতাৰে অনুষ্ঠিত হয় সদৌ অসম শাখা সহকাৰী আৰু উপ অভিযন্তা সেৱা সন্থাৰ ৬১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু মকলি অধিবেশন৷
১৯৩৯ চনত জন্ম হোৱা অসমৰ শ্ৰমিক কৰ্মচাৰী সংগঠনৰ ভিতৰত আটাইতকৈ পুৰণি সংগঠনটোত অন্তৰ্ভুক্ত হৈ আছে লোক নিৰ্মাণ( গড় কাপ্তানি), জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী আৰু জলসিঞ্চন বিভাগৰ শাখা সহকাৰী আৰু উপ অভিযন্তা সকল৷
সন্থাৰ সভাপতি শৰৎ দাসে পুৱা পতাকা উত্তোলন কৰি অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ নগাঁও জিলা সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দেবেন কুমাৰ বড়োৱে ছহিদ তৰ্পন অনুষ্ঠান মুকলি কৰে৷ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা মুখ্য উপদেষ্টা লাবণ্য শইকীয়াই সভা উদ্বোধন কৰি ১৯৩৯ চনৰ পৰা সন্থাই সদস্য সকলৰ অভাব- অভিযোগ মীমাংসা কৰে।
লগতে ৰাজ্যৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনহিতকৰ আঁচনিবোৰৰ বাস্তব ৰূপ দিয়াত পৰিস্থিতি সাপেক্ষে দিনে- নিশাই, ৰ’দে- বৰষুণে কিদৰে একোটা দুৰ্যোগপূৰ্ণ মুহূৰ্তততো কাম কৰি জনসাধৰণলৈ সেৱা আগবাঢ়োৱা কথা ব্যাখ্যা কৰে৷
তেওঁ সদস্য সকলক ত্যাগৰ মনোভাবেৰে কামত অগ্ৰসৰ হবলৈ আহ্বান জনায়৷ সাধাৰণ সম্পাদক শ্যামন্ত দাসে সভাৰ উদ্দেশ্য ব্যখ্যা কৰাৰ পিচতে বাৰ্ষিক সম্পাদকীয় প্ৰতিবেদন আৰু হিচাব পৰীক্ষকৰ পৰিক্ষীত পাঠ কৰাৰ অন্তত সভাই সব’সন্মতিক্ৰমে গ্ৰহণ কৰে৷
সন্থাৰ বিভিন্ন জিলাৰ পৰা অহা ২১৭ জন প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা সাধাৰণ সভাখনত অষ্টম দৰমহা আয়োগ, গ্ৰেড পে’, পদোন্নতি, সাংগঠনিক দিশকে ধৰি সদস্য সকলৰ অভাব- অভিযোগৰ ওপৰত আলোচনা কৰি কেইবাটাও প্ৰস্তাব গ্ৰহণ কৰে৷
সন্হাৰ পৰবৰ্তী কাৰ্যকালৰ বাবে শ্যমন্ত দাস(নগাঁও)ক সভাপতি, মাধুৰ্য দত্ত ( শিৱসাগৰ)ক কাৰ্যকৰী সভাপতি , নিৰঞ্জন কলিতা( তেজপুৰ) ক সাধাৰণ সম্পাদক, নবিন কলিতা (মুছলপুৰ )ক যুটীয়া সম্পাদক প্ৰাক্তন সভাপতি শৰৎ দাসক মুখ্য উপদেষ্টা হিচাপে লৈ এখন কমিটী গঠন কৰা হয় যদিও সময়ৰ অভাবৰ বাবে অহা ১৫ দিনৰ ভিতৰত ন- পুৰণি যুটীয়া বৈঠকত দায়িত্ব হস্তান্তৰ কৰে।
লগতে বাকী বিষয়- ববীয়া সকল নিৰ্বাচন কৰি এখন পূৰ্ণাঙ্গ কমিটী গঠন কৰাৰ বাবে সভাই প্ৰস্তাব গ্ৰহণ কৰে ৷ সন্থাৰ কেন্দ্ৰীয় সভাপতি শৰৎ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত প্ৰাক্তন সভাপতি ৰবীন্দ্ৰ কুমাৰ বৰা, উপেন চহৰীয়া আৰু লাবণ্য শইকীয়াক সম্বৰ্ধনা জনোৱা হয়৷