/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/28bf28bf-3214-40c7-a264-fe6c12651c47/koliyabar_aasu.jpg)
অধিবেশনৰ লাইখুটা স্থাপন
ডিজিটেল সংবাদ,কলিয়াবৰঃ নগাঁও জিলা ছাত্ৰ সন্থাৰ কলিয়াবৰ অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে কলিয়াবৰত। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ চতুৰ্বিংশতিতম অধিৱেশন অহা ৮, ৯ আৰু ১০ নৱেম্বৰত অনুষ্ঠিত হ'ব কলিয়াবৰত।
এই উপলক্ষে বৃহস্পতিবাৰে স্থানীয় ৰাইজৰ উপস্থিতিত কলিয়াবৰৰ গান্ধী পথাৰত অধিৱেশনৰ লাইখুটা স্থাপন কৰে। উৰুলি,ডবা,খোল,তাল আদি দেৱবাদ্যৰ ঝংকাৰৰ পবিত্ৰ পৰিবেশৰ মাজত অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে সাংস্কৃতিক সংগঠক হিৰু প্ৰসাদ মহন্তই।
আয়োজক সমিতিয়ে জনোৱা অনুসৰি, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰিব মাধ্যম আন্দোলনৰ পঞ্চম ছহিদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী ছহিদ দিৱস। সমগ্ৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us