সমাজকৰ্মী-আদৰ্শ  কৃষক খগেন চন্দ্ৰ নাথৰ দেহাৱসান

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ হাতীচোঙ চুবুৰীৰ সমাজকৰ্মী-আদৰ্শ কৃষক তথা গাওঁখনৰ এগৰাকী অন্যতম বৰ্ষীয়ান ব্যক্তি  খগেন চন্দ্ৰ নাথৰ (ভুগীৰাম) মঙলবাৰে দুপৰীয়া নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। 

author-image
Asomiya Pratidin
New Update
khagrnenene

ডিজিটেল, সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ হাতীচোঙ চুবুৰীৰ সমাজকৰ্মী-আদৰ্শ কৃষক তথা গাওঁখনৰ এগৰাকী অন্যতম বৰ্ষীয়ান ব্যক্তি  খগেন চন্দ্ৰ নাথৰ (ভুগীৰাম) মঙলবাৰে দুপৰীয়া নিজা বাসগৃহত দেহাৱসান।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ থকা গাওঁখনৰ অন্যতম এগৰাকী বৰ্ষীয়ান ব্যক্তি হিচাপে পৰিচিত খগেন চন্দ্ৰ নাথ সমাজৰ বিভিন্ন স্তৰত জড়িত থকাৰ উপৰিও আদৰ্শ কৃষক আছিল। 

কৃষিকাৰ্যৰে জীৱন নিৰ্বাহ কৰা খগেন চন্দ্ৰ নাথ গাওঁখনৰ আন দহজনৰ বাবেও আছিল আদৰ্শ। মৃত্যুৰ সময়ত ৯২ বছৰীয়া নাথে পত্নী, এজন পুত্ৰ, বোৱাৰীৰ সহিতে এগৰাকী বিবাহিত জীয়ৰী আৰু ইষ্টকুটুম্বক ইহঃসংসাৰত এৰি থৈ যায়।

ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজত লোকজনৰ মৃত্যুত গাওঁখনতে  শোকৰ  ছাঁ পৰে। সহজ-সৰল আৰু  অমায়িক লোকজনৰ মৃত্যুত পূব জামুগুৰিৰ হাতীচোঙ নামঘৰ পৰিচালনা সমিতি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। 

নগাঁও