প্ৰসংগঃ নগাঁৱৰ ৰাঙলুৰ ইজতেমাত মাৰপিট...

বিগত ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে নগাঁৱৰ ৰাঙলুত অনুষ্ঠিত হৈছিল এক ইস্তেমা৷ এই ইস্তেমাতেই অনান্য ব্যৱসায়ীৰ দৰেই ব্যৱসায় কৰিবলৈ গৈছিল লাহৰি ঘাটৰ দুই ভাতৃ মোশ্বাৰফ হুছেইন আৰু মুজাহাৰুল হুছেইন। 

author-image
Asomiya Pratidin
New Update
NAGAON IJTEMA

ডিজিটেল সংবাদ, নগাঁওঃ বিগত ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে নগাঁৱৰ ৰাঙলুত অনুষ্ঠিত হৈছিল এক ইস্তেমা৷ এই ইস্তেমাতেই অনান্য ব্যৱসায়ীৰ দৰেই ব্যৱসায় কৰিবলৈ গৈছিল লাহৰি ঘাটৰ দুই ভাতৃ মোশ্বাৰফ হুছেইন আৰু মুজাহাৰুল হুছেইন। 

ফলৰ দোকান দিবলৈ দুই ভাতৃয়ে ইস্তেমা কমিটিৰ লগত প্ৰতি বৰ্গ ফুটত ৪০০ টকাৰ দৰত দোকানৰ স্থান নিৰ্ধাৰণ কৰে৷ পৰৱৰ্তী সময়ত নিৰ্ধাৰিত ভাড়াৰ পৰিমানতকৈ অধিক ধন বিচাৰি দুই ভাতৃক মাৰপিট কৰাৰ অভিযোগ ইস্তেমা কমিটিৰ মতিবুৰ ৰহমান, মৌলানা জাকিৰ হুছেইন আৰু আন কেইবাজনৰো বিৰুদ্ধে উত্থাপন হয়৷ 

পৰৱৰ্তী সময়ত ৰাঙলু আৰক্ষী চকীত এই সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে দুই ভুক্তভোগীয়ে৷ পিছে আৰক্ষীয়ে আজিপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি মঙলবাৰে সংবাদ মাধ্যমৰ কাষ চাপিল দুই ভুক্তভোগী ভাতৃ৷ 

আনহাতে, মুফতি আব্দুল কৰিম আৰু ইউছুফ আলীৰ উচতনিতে এই আক্ৰমণ সংঘটিত হোৱা বুলিও সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে মোশ্বাৰফ আৰু মুজাহাৰুলে৷ প্ৰথম অৱস্থাত ৰাঙলু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল যদিও ৰহস্য জনক কাৰণত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থকাৰ লগতে ভুক্তভোগীকহে দাবী-ধমকি দিয়াৰো অভিযোগ উঠিছে ৰাঙলু আৰক্ষীৰ বিৰুদ্ধে৷ আৰক্ষীৰ দ্বাৰস্থ হৈও সুফল নোপোৱা এই দুই ভাতৃয়ে এতিয়া নগাঁও জিলা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে এই বিষয়ত।

নগাঁও