/asomiyapratidin/media/media_files/2025/12/07/whatsapp-image-2025-12-07-12-10-51.jpeg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱত আয়োজন কৰা হয় সৰ্বভাৰতীয় হাফ মাৰাথন প্ৰতিযোগিতা। কাহিলীপুৱাতেই দৌৰত ভাগ ল'লে শিশুৰ পৰা বৃদ্ধলৈ এজাক তৰুণ মনৰ দৌৰবিদে। নেহৰুবালিত পুৱাতেই "প্ৰবাহ গোষ্ঠী"ৰ সৌজন্যত অনুষ্ঠিত "শ্ৰীমন্ত শংকৰদেৱ হাফ মাৰাথান- ২০২৫"।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsapp-image-2025-12-07-12-11-17.jpeg)
২১-৭-৫ কিলোমিটাৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰে প্ৰায় শতাধিক দৌৰবিদে। নৱপ্ৰজন্মক ৰোগমুক্ত কৰা আৰু নৱপ্ৰজন্মক শৰীৰচৰ্চা আৰু যোগাভ্যাসৰ প্ৰতি আকৃষ্ট কৰাই উদ্দেশ্যেৰে আয়োজন কৰা হৈছে মাৰাথন দৌৰ প্ৰতিযোগিতাৰ।
এই প্ৰতিযোগিতাত উত্তৰ প্ৰদেশ, কৰ্ণাটক, মণিপূৰ, ত্ৰিপূৰা, অৰুণাচল আদিকে ধৰি বিভিন্ন ৰাজ্যৰ তিনিশৰো অধিক প্ৰতিযোগীয়ে অংশ কৰে। মাৰাথনত বিজয়ীলৈ আগবঢ়োৱা হয় নগদ আঢ়ৈ লাখ টকা, ট্ৰফী আৰু মেডেল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/07/whatsapp-image-2025-12-07-12-11-42.jpeg)
ইফালে, প্ৰধান উদ্যোক্তা তথা প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ এই প্ৰতিযোগিতাত খনি আগন্তুক দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে। গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে আয়োজন কৰিবলগীয়া এই প্ৰতিযোগিতাত মেডেলত থাকিব গুৰুজনাৰ সৃষ্ট 'গুৰু আসন'ৰ প্ৰতীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us