/asomiyapratidin/media/media_files/2026/01/31/ganaabhibartannn-2026-01-31-14-46-56.jpg)
ডিজিটেল সংবাদ, নগাঁওঃনগাঁও জিলা শ্বহীদ ভৱনত শনিবাৰে অনুষ্ঠিত হয় গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ আহ্বানত "গণ অভিৱৰ্তন"। ভোটাৰ তালিকা সংশোধনৰ নামত এক বিশেষ শ্ৰেণীৰ নাগৰিকক কৰা হাৰাশাস্তি, অবৈধ উচ্ছেদ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চলা অনিয়মৰ অভিযোগৰ বিৰুদ্ধে এই গণ অভিৱৰ্তন।
এই অভিৱৰ্তনৰ আহ্বায়ক অৰূপ কুমাৰ মহন্তই উদ্দেশ্য বাখ্যা কৰা অভিৱৰ্তনখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ আৰু নিবন্ধকাৰ প্ৰণৱজ্যোতি ডেকা।
উক্ত অভিৱৰ্তনত লগতে উপস্থিত থাকে প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমানো। শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা অভিৱৰ্তনখনত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us