নগাঁও জিলাত কৃষকৰ মাজত বিভিন্ন সা-সঁজুলি বিতৰণ...

নগাঁও জিলাত দুদিনীয়াকৈ অনুষ্ঠিত কৃষকৰ মাজত মাটি পৰীক্ষা কৰা, বিভিন্ন উন্নত মানৰ সা-সঁজুলিৰ লগতে কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱন কৰা জৈৱ কীটনাশক দ্ৰব্য আৰু সৌৰ শক্তি চালিত স্প্ৰেয়াৰ(speayer) বিতৰণ কাৰ্যসূচী সম্পন্ন কৰা হয়।

author-image
Asomiya Pratidin
New Update
ksjfdjfjjjjjjjjjjjjj

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ উদ্যোগত নগাঁও জিলাত দুদিনীয়াকৈ অনুষ্ঠিত কৃষকৰ মাজত মাটি পৰীক্ষা কৰা, বিভিন্ন উন্নত মানৰ সা-সঁজুলিৰ লগতে কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উদ্ভাৱন কৰা জৈৱ কীটনাশক দ্ৰব্য আৰু সৌৰ শক্তি চালিত স্প্ৰেয়াৰ(speayer) বিতৰণ কাৰ্যসূচী সম্পন্ন কৰা হয়।

শুকুৰবাৰে এই কাৰ্যসূচীৰ আৰম্ভণিৰ দিনা জিলাখনৰ শেনচোৱা গাঁৱৰ সভাগৃহত এখনি সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ উপ-সঞ্চালক প্ৰধান ড০ কমলমল্ল বুজৰবৰুৱা, অসম কৃষি বিশ্ববিদ্যালয় সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ হেমেন চন্দ্ৰ ভট্টাচাৰ্য, ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ড০ ব্ৰজেন্দ্ৰ আৰু ড০ চি এছ পদ্মাৱতী, মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰা, অসম চৰকাৰৰ কৃষি বিভাগৰ সহকাৰী সঞ্চালক অসীম পাঠক, মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকা, এই প্ৰকল্পৰ তত্বাৱধায়ক ড০ মিলন জ্যোতি কোঁৱৰ, সহ তত্বাৱধায়ক প্ৰাণজিৎ ভৰালী উপস্থিত থাকে।

আনহাতে, শনিবাৰে সামৰণিৰ দিনা বেবেজীয়া গাঁৱতে এখনি সভা অনুষ্ঠিত হয়। এই সভাত ড০ ব্ৰজেন্দ্ৰই মাটি পৰীক্ষা কেনেকৈ কম সময়ত কৰিব পৰা যায়, তাৰ বিষয়ে পৰীক্ষামূলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। পাছত প্ৰগতিশীল কৃষক সকলৰ মাজত কৃষি সা সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰত্যেককে মাটি পৰীক্ষাৰ সামগ্ৰী(Soil Testing Kit) বিতৰণ কৰা হয়।

আজিৰ এই সভাত জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাই উপস্থিত থাকি কৃষকক উৎসাহ প্ৰদান কৰি, ভাষণ প্ৰদান কৰে।  মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকাই আঁত ধৰা আজিৰ অনুষ্ঠানটিত  ড০ মিলন জ্যোতি কোঁৱৰ, প্ৰাণজিৎ ভৰালী উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

নগাঁও