নগাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব শিক্ষা মেলা...

কাইলৈ পুৱা ১০ বজাত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষা মেলাখন উন্মোচন কৰিব। তদুপৰি, দুদিনীয়া এই শৈক্ষিক মেলাত তিনিটাকৈ পেনেল ডিচকাচনো অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জনাইছে ৷

author-image
Asomiya Pratidin
New Update
ংনন

ডিজিটেল সংবাদ,নগাঁও: ১১ আৰু ১২ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া নগাঁও চহৰৰ প্ৰথমখন শিক্ষা মেলাৰ সম্পৰ্কত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে আজি এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলখনত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকা, উপ পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশে অংশগ্ৰহণ কৰে।

লগতে উপস্থিত থাকে উপ পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠক আৰু SPEAR ৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকা। ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকাই বিশ্ববিদ্যালয়খনে আয়োজন কৰিবলৈ আগবঢ়া শিক্ষা মেলা সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। 

লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া শৈক্ষিক অনুষ্ঠানসমূহ তথা তাৰ বিশিষ্ট ব্যক্তিসকলৰ মাৰ্গদৰ্শনত নৱপ্ৰজন্মই অত্যাধুনিক পাঠ্যক্ৰমৰ বিষয়ে জানিবলৈ সক্ষম হোৱাৰ লগতে কৰ্মমুখী পথ মুকলি কৰিব পাৰিব বুলিও উল্লেখ কৰে ৷

অনুষ্ঠানত এই মেলাত সহযোগ কৰা SPEAR ৰ সভাপতি তথা পি টি আইৰ সাংবাদিক জ্যোতিৰ্ময় হাজৰিকায়ো এই শিক্ষা মেলাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰে। তেওঁ কয়, নগাঁও চহৰত বিশ্ববিদ্যালয়খনে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আয়োজন কৰা এই শিক্ষা মেলাই এক ইতিহাস সৃষ্টি কৰিব ।

কাইলৈ পুৱা ১০ বজাত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষা মেলাখন উন্মোচন কৰিব। তদুপৰি, দুদিনীয়া এই শৈক্ষিক মেলাত তিনিটাকৈ পেনেল ডিচকাচনো অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জনাইছে ৷ তদুপৰি আয়োজক সমিতিয়ে সকলো শিক্ষা প্ৰেমীৰ উপস্থিতি কামনা কৰিছে ।

Society for Promotion of Education in Assam Region (SPEAR) ৰ সহযোগত আয়োজিত এই দুদিনীয়া মেলাখনৰ মূল উদ্দেশ্য হৈছে নগাঁও আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত সজাগ কৰা আৰু উপযুক্ত কেৰিয়াৰ গাইডেন্স প্ৰদান কৰা ৷

 ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহে অংশগ্ৰহণ কৰি বিভিন্ন শৈক্ষিক আৰু পেছাদাৰী পাঠ্যক্ৰমৰ বিষয়ে বিতংভাৱে জনাব এই শিক্ষা মেলাত। এই মেলাখনত অংশগ্ৰহণকাৰীসকলে প্ৰতিনিধিসকলৰ সৈতে পোনপটীয়াকৈ কথা পাতি নিজৰ কেৰিয়াৰ সম্পৰ্কে বহুতো নতুন কথা জানিব পাৰিবয

লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ন-ন পাঠ্যক্ৰমসমূহৰ বিষয়েও অৱগত হ'ব পাৰিব। শিক্ষাৰ্থী আৰু শিক্ষকসকলক এই মেলাখনত যোগদান কৰি নিজৰ ভৱিষ্যতৰ বাবে সঠিক পথ নিৰ্ধাৰণ কৰিবলৈ উৎসাহিত কৰাই মেলাখনৰ মূল লক্ষ্য বুলি উদ্যোক্তা সকলে জনাইছে ।

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়