/asomiyapratidin/media/media_files/2025/01/26/VobYfx4XwhxPDcBMW1q8.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "কিউ-কমাৰ্চ" বা দ্ৰুত কমাৰ্চ হৈছে এক প্ৰকাৰৰ ই-কমাৰ্চ যিয়ে গ্ৰাহকক সামগ্ৰীৰ দ্ৰুত ডেলিভাৰীত গুৰুত্ব আৰোপ কৰে। এই কিউ-কমাৰ্চৰ এক অগ্ৰনী ব্যবসায়ীক প্ৰতিষ্ঠান হৈছে ইজি মাৰ্ট(EAZY MART)ৰ অনলাইন শ্বপিং ব্যৱস্থা।
ইজি মাৰ্টৰ অনলাইন শ্বপিং ব্যৱস্থা আজিৰে পৰা আৰম্ভ হৈছে নগাঁও জিলাত। ৰাজ্যৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে নগাঁৱত আৰম্ভ কৰা ইজি মাৰ্টৰ অনলাইন ব্যৱসায়ৰ শুভাৰম্ভ অনুষ্ঠানটি অনুষ্ঠিত হয় নগাঁও জিলাৰ ধিং গেইটৰ কলং ভেলি হাইস্কুলৰ সমীপত।
অনুষ্ঠানটি আৰম্ভণি কৰি ইজি মাৰ্টৰ ৰাষ্ট্ৰীয় ব্যবসায়ীক প্ৰবন্ধক আনজাৰ হুছেইনে "বজাৰ মূল্যতকৈ কম দামত ঘৰত বহি দহ মিনিটত যিকোনো বস্তু পাবলৈ মবাইলত ইজি মাৰ্টৰ অনলাইন শ্বপিং ব্যবস্থা সকলোৱে গ্ৰহণ কৰক বুলি আহ্বান জনোৱাৰ লগতে এই ইজি মাৰ্টৰ অনলাইন শ্বপিং ব্যবস্থাৰ জড়িয়তে কিদৰে শিক্ষক নিবনুৱা সংস্থাপন হব তাৰ বিষয়ে বিশ্লেষণ কৰে।
আনহাতে ইজি মাৰ্টৰ বিষয়ে জানিবলৈ ৭০০২৮৭৭৫৩৪ নম্বৰট ফোন কৰিবলৈ আহ্বান জনাইছে। অনুষ্ঠানত ইজি মাৰ্টৰ পৰিচালন সঞ্চালক প্ৰীদীপ কুমাৰ সিং, ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, অধিবক্তা আমিনুল ইছলাম ফকিৰকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠানটিৰ শেষত উদীয়মান নৃত্যশিল্পী ছিদ্দিকা আহমেদে দেশপ্ৰেম মূলক গীতত নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে আকৃষ্ট কৰে।