/asomiyapratidin/media/media_files/2025/10/26/vdfdfdfd-2025-10-26-20-17-43.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ নগাঁও জিলা সমিতিৰ ২৪ সংখ্যক অধিবেশনখনি দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে নগাঁৱৰ আলিটাঙনিস্থিত আলিটাঙনি ওচমানিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত অনুষ্ঠিত হয়।
কাৰ্যসূচী অনুসৰি, পূৱা সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি তোষেশ্বৰ বৰাই পতাকা উত্তোলনৰে অধিবেশনৰ শুভাৰম্ভ কৰে। জিলা সম্পাদক জিতেন হাৰিকাই স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে। দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আদৰণি ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সম্পাদক তথা আলিটাঙনি ওচমানিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মো: মাইনুল ইছলামে।
বিয়লি সংস্থাৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি তোষেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰে আদৰণি সমিতিৰ সভাপতি জামাল উদ্দিন আহমেদে সভাত স্মৃতিগ্ৰন্থ ৰত্নগৰ্ভা আৰু শিক্ষাবাৰ্তা নামৰ সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ মুখপত্ৰ গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ আবুবক্কৰ ছিদ্দিকে।
সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হাচমত আলিয়ে কয় যে, বৃহত্তৰ আলিটাঙনী পিছপৰা অঞ্চলটোত অনুষ্ঠিত হোৱা এই অধিবেশনখনিয়ে শৈক্ষিক দিশত বহুত সহায়ক হ'ব। সম্পাদক জিতেন হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত আদৰণি সমিতিৰ সভাপতি জামাল উদ্দিন আহমেদ , বিদ্যালয়ৰখনৰ অধ্যক্ষ মাইনুল ইছলাম, জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষসকলকে ধৰি প্ৰতিনিধি সকলে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাটোক অধিক গতিশীল আৰু সন্থাৰ সমস্যাৰাজিসমূহ আলোকপাত কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰাকৈ আহ্বান জনায়।
উল্লেখ্য যে, উক্ত অধিবেশনতে অসমীয়াৰ হিয়াৰ আমঠু স্বৰূপ জুবিন গাৰ্গৰ স্মৃতিচাৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অন্যহাতে, অধিৱেশনৰ বিষয়বাচনি সভাত আগন্তুক দুবছৰৰ বাবে হাফিজুৰ ৰহমানক সভাপতি, জাহ্নৱী ভূঞা, মহমদ আলী, নিৰুপম হাজৰিকাক উপ-সভাপতি, দীপক দাসক সম্পাদক, যদুমণি ভাণ্ডাৰীক যুটীয়া সম্পাদক আৰু প্ৰহেলিকা কৌশিকক শিক্ষাবাৰ্তাৰ সম্পাদক হিচাপে লৈ সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ নগাঁও জিলাৰ কমিটি খন গঠন কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰ দ্বাৰা কৰ্মচাৰী সন্থাৰ অধিবেশন সফল সামৰণি পৰে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us