/asomiyapratidin/media/media_files/2026/02/03/batadrawanagagaga-2026-02-03-23-18-11.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমৰ আধ্যাত্মিক জগতৰ অন্যতম প্ৰাণকেন্দ্ৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ মূল উৎসৱ হৈছে দৌল যাত্ৰা মহোৎসৱ। এই বটদ্ৰৱা থানৰ ২০২৬ বৰ্ষৰ পবিত্ৰ দৌল মহোৎসৱ অহা মাৰ্চ মাহৰ ৩ তাৰিখৰ পৰা পাঁচদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।
তদুপলক্ষে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আগমণ ঘটিবলগীয়া লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে চৰকাৰীভাৱে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। এই বিভিন্ন উন্নয়নমূলক আঁচনি তথা আন্তঃগাঁথনিৰ বুজ ল’বলৈ মঙলবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা বটদ্ৰৱা থানত উপস্থিত হয়। জিলা আয়ুক্ত গৰাকীয়ে বিশেষকৈ ভকতসকলৰ সুবিধাৰ্থে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত নিৰ্মাণ কৰি থকা ৰান্ধনীশালৰ নিৰ্মাণকাৰ্যৰ বৰ্তমানৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰে।
পৰিদৰ্শনৰ সময়ছোৱাত তেওঁৰ সৈতে বিভাগীয় অভিযন্তা, নিৰ্মাণকাৰ্যৰ সৈতে জড়িত ঠিকাদাৰ আৰু ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাস, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি গোবিন দাস, সাধাৰণ সম্পাদক লাচিত বৰদলৈ, সহকাৰী সম্পাদক সন্দীপ কলিতাৰ লগতে গুণমনি কলিতা, নিপুমণি দেৱ গোস্বামী, দুৰ্লভ বৰা, মৃণাল কলিতাকে আদি কৰি সদস্য সকলৰ সৈতে আয়ুক্তগৰাকীয়ে থানৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি দৌল উৎসৱৰ সময়ত প্ৰয়োজন হ’বলগীয়া সামগ্ৰিক ব্যৱস্থাপনাৰ এক বিস্তৃত বুজ লয় লগতে উপস্থিত ঠিকাদাৰ আৰু অভিযন্তাসকলক বিশেষভাৱে নিৰ্দেশ দিয়ে যাতে কোনো ধৰণৰ আপোচ নকৰাকৈ অতি ক্ষিপ্ৰতাৰে নিৰ্মাণকাৰ্য সমাপ্ত কৰা হয়।
দৌল উৎসৱৰ পূৰ্বেই যাতে ৰান্ধনীশালকে ধৰি আনুষংগিক সকলো প্ৰকল্প কাৰ্যক্ষম হৈ উঠে আৰু দূৰ-দূৰণিৰ পৰা অহা ভকত-বৈষ্ণৱসকলে এক সুন্দৰ আৰু আধ্যাত্মিক পৰিৱেশত উৎসৱ উদযাপন কৰিব পাৰে, তাৰ বাবে তেওঁ উপস্থিত বিভাগীয় বিষয়াসকল নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ পাছত বটদ্ৰৱা সতীৰাধিকা স্মৃতি ক্ষেত্ৰ পৰিদৰ্শন কৰে।
সতীৰাধিকা স্মৃতি ক্ষেত্ৰৰ পদপথ আৰু সভাগৃহৰ বৰ্তমান জৰাজীৰ্ণ যেন হোৱাৰ বাবে তেওঁ বিভাগীয়ভাৱে এই সমূহৰ উন্নীতকৰণ কৰাৰ ব্যৱস্থা হাতত লোৱা হ’ব বুলি প্ৰকাশ কৰে। শেষত বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত শান্তিজান নৈৰ উত্তৰ-পূব দিশত থকা গোসাঁই ঘাট আৰু দক্ষিণ পশ্চিম দিশত হোৱা বেদখলকৃত স্থান সমূহ পৰিদৰ্শন কৰি ভবিষ্যতে ইয়াৰ জৰীপ কৰি শান্তিজান নৈ খনি বোৱাই ৰখাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us