শিক্ষাবিদ ধীৰেন্দ্ৰনাথ দাসৰ দেহাৱসান

নগাঁৱত শোক...

author-image
Asomiya Pratidin
New Update
শিক্ষাবিদ ধীৰেন্দ্ৰনাথ দাসৰ দেহাৱসান

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ ফৌজদাৰী পট্টি নিবাসী, বয়োজ্যেষ্ঠ নাগৰিক তথা শিক্ষাবিদ ধীৰেন্দ্ৰ নাথ দাসৰ সোমবাৰে নিজ বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৯০ বছৰ। প্ৰয়াত দাসে ১৯৫৯ চনৰ পহিলা এপ্ৰিলত নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক ও বহুমুখী বিদ্যালয়ত এগৰাকী সহকাৰী শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল।

Advertisment

১৯৮৮ চনৰ ৩ আগষ্টত সেই বিদ্যালয়ৰ উপাধ্যক্ষ আৰু ১৯৯৩ চনৰ ১২ আগষ্টত অধ্যক্ষ ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰা দাসে ‌১৯৯৪ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। এগৰাকী আদৰ্শ আৰু নিষ্ঠাবান শিক্ষক ৰূপে সৰ্ব জনৰ মাজত সমাদৃত ধীৰেন্দ্ৰ নাথ দাস অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো অতি সক্ৰিয় আছিল। সাংস্কৃতিক ক্ষেত্ৰখনক সামৰি প্ৰয়াত দাসে লেখা বহু নিবন্ধ প্ৰান্তিককে ধৰি অন্যান্য আলোচনী তথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। তেওঁ নগাঁও কলামন্দিৰ পৰিচালনা সমিতিৰ সভাপতি , কিশলয় বিদ্যালয়ৰ সভাপতিৰ দ্বায়িত্ব এসময়ত পালন কৰিছিল।

মৃত্যুৰ আগলৈকে তেওঁ ফৌজদাৰী পট্টি অঞ্চলৰ সকলো সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল। এটা পৰিচ্ছন্ন জীৱনৰ অধিকাৰী ধীৰেন্দ্ৰ নাথ দাসৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে নগাঁৱত শোকৰ ছাঁ পৰে। নগাঁও কলা মন্দিৰ, কিশলয় বিদ্যালয়, ডচন উচ্চতৰ মাধ্যমিক ও বহুমুখী বিদ্যালয় আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

প্ৰয়াত দাসৰ জীয়ৰী অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্ছিটি অফ নিউ চাউথ ৱেলছৰ প্ৰফেছৰ বিজ্ঞানী ৰুক্মী দত্ত মৃত্যুৰ সময়ত তেওঁৰ কাষতে আছিল। তদুপৰি তেওঁৰ পুত্ৰ চেন্নাইৰ Seelect Energy Systems Ltd ৰ Vice President অভিযন্তা প্ৰকাশ দাস শনিবাৰে অসুস্থ পিতৃৰ কাষৰ পৰা চেন্নাইলৈ বুলি গৈছিল। তেওঁ উভতি অহালৈ অপেক্ষা কৰা শোক সন্তপ্ত পৰিয়াল বৰ্গই ২৩ জুলাইত অন্তিম সৎকাৰ কাৰ্য সম্পন্ন কৰিব।

Also Read: লাহোৱালৰ ছাত্ৰ-ছাত্ৰীক Ethical Hacking ৰ প্ৰশিক্ষণ প্ৰদান যুৱ-ছাত্ৰ পৰিষদৰ

dhirendranath das