/asomiyapratidin/media/media_files/2025/12/03/1-2025-12-03-19-55-01.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰঃ মধ্য অসমৰ অন্যতম জাগৰণ মঞ্চৰ সমন্বয় ৰাসখনি সোমবাৰে নগাঁও জিলাৰ বঢ়মপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়। দ্বিতীয় বৃন্দাবন সদৃশ নৈসৰ্গিক পৰিৱেশেৰে সজাই পৰাই তোলা ৰাস উৎসৱস্থলীত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীয়ে ৰাসখনিত কৃষ্ণৰ জন্মৰ পৰা ভিন্ন কাল পৰিৱেশন কৰি বিপুল সমাদৰ লাভ কৰে।
অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে মুকলি ফিল্ডত এখন বৃহৎ মঞ্চ তৈয়াৰ কৰি নিশা অনুষ্ঠিত সমন্বয় ৰাসখনে নতুনত্ব খটুৱাই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ আহিছে। এইবাৰ সপ্তম বৰ্ষত ভৰি দিয়া সমন্বয় ৰাসখনিত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক জাগৰণ মঞ্চৰ ফালৰ পৰা ২০২৫ বৰ্ষৰ অসম সন্তান গৌৰৱ সন্মানেৰে বিভূষিত কৰা হয় ।
অগণন শ্ৰোতা-দৰ্শকৰ সমাবেশেৰে অনুষ্ঠিত হোৱা এই সমন্বয় ৰাসখনিত শ্ৰী কৃষ্ণৰ বংশীধ্বনিৰ তালে তালে একেলগে ১৬ গৰাকীকৈ শ্ৰীকৃষ্ণৰ মাজে মাজে ময়ূৰ চৰাইৰ নৃত্যই ৰাসখনক অধিক মোহনীয় কৰি তোলাৰ লগতে বিশেষভাৱে পুতনা আৰু শংখচূড়ৰ আকৰ্ষণীয় সাজপাৰ আৰু বেশভূজাৰে উপস্থিত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় বুলি ৰাস উৎসৱ উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us