ছাত্ৰ ৰাজনীতিৰ ভয়ংকৰ ৰূপঃ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থীক প্ৰাণঘাটি আক্ৰমণ, আই চি ইউত ভৰ্তি...

author-image
Asomiya Pratidin
New Update
ছাত্ৰ ৰাজনীতিৰ ভয়ংকৰ ৰূপঃ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থীক প্ৰাণঘাটি আক্ৰমণ, আই চি ইউত ভৰ্তি...

nagaoan

ডিজিটেল ডেস্কঃ ছাত্ৰ সংসদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত নগাওঁ। নগাওঁ কমাৰ্ছ কলেজৰ ছাত্ৰ সংসদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা এগৰাকী প্ৰাৰ্থীক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই এতিয়া ছাত্ৰ ৰাজনীতিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ ভয়ংকৰ পৰিণতিৰ দিশটোক উন্মোচিত কৰিছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে নগাওঁ পলিটেকনিকৰ সন্মুখত নগাওঁ কমাৰ্ছ কলেজৰ ছাত্ৰ সংসদৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়োৱা এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীক বাইকত অহা দুই দুৰ্বৃত্তই আক্ৰমণ কৰে।

আক্ৰমণৰ সন্মুখীন হোৱা ছাত্ৰ নেতাগৰাকীৰ নাম আছিকুল ইছলাম। প্ৰাথমিক তথ্য অনুসৰি আছিকুলৰ অৱস্থা সংকটজনক বুলি প্ৰকাশ পাইছে। সংকটজনক অৱস্থাত আছিকুলক ভৰ্তি কৰোৱা হৈছে জি ডি নাৰ্ছিংহোমত।

জানিব পৰা মতে মূৰৰ পৰা প্ৰবল ৰক্তক্ষৰণ হোৱাৰ বাবে আছিকুলৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটে। বৰ্তমান নাৰ্ছিংহোমখনৰ আই চি ইউত ভৰ্তি হৈ আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি গুৰুতৰ বুলি প্ৰকাশ পাইছে।

nagaon commerce college