কলংপাৰ বিদ্যাপীঠ আৰু নগাঁও মহাবিদ্যালয়ত সুধাকণ্ঠক স্মৰণ...

স্মৃতিচাৰণ অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ সমগ্ৰ ৰচনাৱলীৰ সম্পাদক, বিশিষ্ট লেখক ৰতিমোহন নাথে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশ্ববৰেণ্য শিল্পীজনৰ জীৱনৰ বিভিন্ন কথা আলোকপাত কৰে

author-image
Asomiya Pratidin
New Update
কলংপাৰ বিদ্যাপীঠ আৰু নগাঁও মহাবিদ্যালয়ত সুধাকণ্ঠক স্মৰণ...

KALANGPAR VIDYAPEETH-NAGAON COLLEGE

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত গীত আৰু কথাৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন কৰে। পুৱা শিক্ষক-ছাত্ৰৰ সমাবেশত অধ্যক্ষ পদুম ৰাজখোৱাই বৰেণ্য শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ।

Advertisment

শিক্ষক অতুলচন্দ্ৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানত মাল্যাপৰ্ণ কৰে শিক্ষক ফুনুমণি বৰা আৰু আব্দুল ৱাহিদে। স্মৃতিচাৰণ অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ সমগ্ৰ ৰচনাৱলীৰ সম্পাদক, বিশিষ্ট লেখক ৰতিমোহন নাথে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশ্ববৰেণ্য শিল্পীজনৰ জীৱনৰ বিভিন্ন কথা আলোকপাত কৰে । ভূপেন হাজৰিকাৰ গীতে সদায় মানুহৰ হৃদয় স্পৰ্শ কৰে বুলি উল্লেখ কৰি লক্ষ লক্ষ জনৰ হৃদয়ত ভূপেন হাজৰিকা চিৰকাল জীয়াই থাকিব বুলি মন্তব্য কৰে ।

অধ্যক্ষ পদুম ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অনুৰাধা পূৰ্ণিমা শইকীয়া, মমী চৰকাৰ, নিকিতা দাস, কুনালদীপ বৰকটকী আৰু শিক্ষক অতুলচন্দ্ৰ বৰুৱাই ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।

আনহাতে নগাঁও কলেজ (অট’নমাচ)ৰ অসমীয়া বিভাগৰ উদ্যোগত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু দিৱস উদযাপন কৰে। পুৱা ৯বজাত গণশিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে ।

অধ্যাপিকা ড০ কৰবি দেৱীৰ নেতৃত্বত কালজয়ী গীত" মানুহে মানুহৰ বাবে " ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰে। দুপৰীয়া এখন স্মৃতি চাৰণ সভাৰ আয়োজন কৰে। এই কাৰ্যসূচী পৰিচালনা কৰে কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অৰিন্দম নাৰায়ন শৰ্মাই। অনুষ্ঠানত সংস্কৃত বিভাগৰ অধ্যাপক ড০ চন্দন হাজৰিকাই গীত পৰিৱেশন কৰে।

অসমীয়া বিভাগৰ অধ্যাপক ড০ অচ্যুত কুমাৰ শইকীয়াই কবিতা আবৃত্তি কৰে। ২০২২ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয়ৰ সংগীতৰ প্ৰতিযোগিতাত স্থান লাভ কৰা অৰ্থনীতি বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী চৰমিন চুৰিতা আৰু বাণিজ্য বিভাগৰ ছাত্ৰ বিশাল শৰ্মাই গীত পৰিৱেশন কৰে।

nagaon KALANGPAR VIDYAPEETH nagaon college