/asomiyapratidin/media/media_files/2026/01/20/657-2026-01-20-20-15-58.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নাচি বাগি আনন্দত আত্মহাৰা নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। নগাঁও খ্ৰীষ্ট জ্যোতি স্কুল CJS স্পৰ্টিভা(Sportiva)২০২৫-২৬ শীৰ্ষক বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ব্যতিক্ৰমী ৰূপত দেখা যায় আয়ুক্তগৰাকীক।
তিনিদিনীয়া কাৰ্য্যসূচীৰ খ্ৰীষ্ট জ্যোতি স্কুল(Christ Jyoti School)ৰ স্পৰ্টিভা(Sportiva)২০২৫-২৬ শীৰ্ষক বাৰ্ষিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়। পেৰেড, ক্ৰীড়া শৈলী, গীত নৃত্য আৰু মাৰ্চপাচৰে মুখৰিত খ্ৰীষ্ট জ্যোতি স্কুল প্ৰাংগন।
বিদ্যালয়ৰ প্ৰিঞ্চিপাল ফাডাৰ ষ্টাৰ লাইট, সৰ্বভাৰতীয় চেলবিটৰিয়ান কমিউনিটিৰ প্ৰধান ফাডাৰ জেমছ থাপা, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক ক্ৰীড়া সম্পাদক মৃগাংক এছ বি হাজৰিকাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত উদ্ধোধনী ভাষন প্ৰদান কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই "সৎ, নিষ্ঠা, একাগ্ৰতাৰে আগবঢ়ি গলে জীৱনৰ লক্ষ্যত উপনীত হব পাৰিবা। আমাৰ ধৰ্ম হ'ব লাগে মানৱ সেৱা। আমাৰ নীতি আদৰ্শত সেৱা আৰু দেশপ্ৰেম জাগ্ৰত হ'ব লাগে।
৯৮ শতাংশ পোৱা মানেই শেষ নহয়, ৯৮ শতাংশৰ পিছত দৌৰি উজুটি খাই জীৱন শেষ হোৱাৰ বহু উদাহৰণ আছে। যি কৰিবা আত্মবিশ্বাসেৰে কৰিবা সফল হ'বা" বুলি সাৱলীল ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us