/asomiyapratidin/media/media_files/2026/02/14/123-2026-02-14-07-42-48.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইডঙীয়া -বটদ্ৰৱা পঞ্চায়তৰ বিভিন্ন উপাসনাস্থলীসমূহলৈ "অসম দৰ্শন" আঁচনিৰ অধীনত লাভ কৰা আৰ্থিক অনুদানৰ চেকসমূহ শুক্ৰবাৰে প্ৰদান কৰা হয়। বিধায়ক ৰূপক শৰ্মাই উপসনাস্থলী সমূহত নিজে উপস্থিত হৈ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-image-2026-2026-02-14-07-43-10.jpeg)
পুৰনা ভোগবাৰি সাৰ্বজনীন শিৱ মন্দিৰ, কহুৱাতলী সাৰ্বজনীন শিৱ মন্দিৰ, কদমতল শিৱ মন্দিৰ সমাজ, নৰেশ্বৰ বাবা মন্দিৰ সমাজ, ভোলা বাবা মন্দিৰ সমাজ পহুকটা, কৰচুং সত্ৰ নাগেশ্বৰ মন্দিৰ, সাৰ্বজনীন শিৱ মন্দিৰ ৰজাগাঁও, শিৱ মন্দিৰ ৰাইডঙীয়া ফুলগুৰি, শিৱ থান ভোমোৰাগুৰি, বটদ্ৰৱা আঞ্চলিক ৰাস মন্দিৰ, মৃত্যুঞ্জয় মন্দিৰত ভোমোৰাগুৰি অনুষ্ঠিত চেক প্ৰদানৰ কাৰ্যসূচীত বটদ্ৰৱা মণ্ডল বিজেপিৰ সভাপতি ৰাজেশ কোঁৱৰ, জিলা পৰিষদৰ সদস্য প্ৰাঞ্জল দাসকে প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us