অসমী আইৰ সু-সন্তান, কণ্ঠ শিল্পী জুবিন গাৰ্গলৈ নগাঁও জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি

অসামান্য শিল্পী, অসমৰ অমৰ সন্তান, জ্যোতিষ্ক স্বৰূপ জুবিন গাৰ্গৰ অকাল প্রয়াণে সমগ্ৰ অসমবাসীৰ লগতে নগাঁও জিলাবাসীৰ হৃদয়ত সৃষ্টি কৰিছে গভীৰ বিষাদ আৰু শূন্যতা।

author-image
Asomiya Pratidin
New Update
অসমী আইৰ সু-সন্তান, কণ্ঠ শিল্পী জুবিন গাৰ্গলৈ নগাঁও জিলা প্ৰশাসনৰ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ,নগাঁওঃ অসম তথা ভাৰতৰ বিশিষ্ট কণ্ঠ শিল্পী, গীতিকাৰ, সুৰকাৰ অসমী আইৰ সু-সন্তান জুবিন গাৰ্গে ১৯ ছেপ্টেম্বৰত সকলোকে দুখৰ সাগৰত পেলাই পৰলোকলৈ গতি কৰে। যাৰ সুৱদী কণ্ঠই লাখ লাখ অনুৰাগীৰ হৃদয়ত আশা, আনন্দ, প্ৰেম, সাহস আৰু জীৱনৰ সুৰ অংকুৰিত কৰিছিল ।

তেওঁ কেৱল এজন গায়ক, সংগীতজ্ঞয়ে নাছিল, তেওঁৰ গীতসমূহ আছিল এক জীৱন্ত অনুভৱ, আছিল প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সকলোৰে স্বপ্ন আৰু অনুপ্ৰেৰণাৰ উৎস। এই গৰাকী অসামান্য শিল্পী, অসমৰ অমৰ সন্তান, জ্যোতিষ্ক স্বৰূপ জুবিন গাৰ্গৰ অকাল প্রয়াণে সমগ্ৰ অসমবাসীৰ লগতে নগাঁও জিলাবাসীৰ হৃদয়ত সৃষ্টি কৰিছে গভীৰ বিষাদ আৰু শূন্যতা।

এই মহান শিল্পী গৰাকীক শ্ৰদ্ধাৰ্ঘ নিবেদনৰ উদ্দেশ্যে আজি ২০ ছেপ্টেম্বৰত জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত এক শোকসভা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত প্ৰথমেই জিলা আয়ুক্ত, দেৱাশীষ শৰ্মাই শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  

ইয়াৰ পিছতেই উপস্থিত সকলোৱে মহান শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে ১ মিনিট মৌন প্রার্থনা জনায়। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত দেবযানী চৌধুৰী, জিলাৰ অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল ,জিলা তথ্য আৰু জনসংযোগ বিষয়াকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

মহান শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনাৰ্থে জিলাখনৰ সকলো শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

WhatsApp Image 2025-09-20 at 5.13.57 PM

জুবিন গাৰ্গ