প্ৰশাসনে ছীল কৰিলে অতি বিতৰ্কিত উৰিয়াগাঁৱৰ ইণ্ডিয়ান অইলৰ পেট্ৰ'ল পাম্প...

অতি বিতৰ্কিত উৰিয়াগাঁৱৰ ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্পটোত আজি জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অভিযান চলাই নথি-পত্ৰ, জন সুৰক্ষাকে ধৰি বিভিন্ন দিশত বিসংগতি ধৰা পৰাত ছীল কৰে। 

author-image
Asomiya Pratidin
New Update
DEBASHIS 10

ডিজিটেল ডেস্কঃ অৱশেষত আজি নগাওঁ জিলা প্ৰশাসনে ছীল কৰিলে উৰিয়াগাঁৱত থকা ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্প। অতি বিতৰ্কিত এই পেট্ৰ’ল পাম্পটোত আজি জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অভিযান চলোৱাৰ সময়ত নথি-পত্ৰ, জন সুৰক্ষাকে ধৰি বিভিন্ন দিশত বিসংগতি ধৰা পৰতা ছীল কৰে। 

উল্লেখ্য যে, উৰিয়াগাঁৱত থকা এই ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্পে দীৰ্ঘদিন ধৰি গ্ৰাহকক পানী মিহলোৱা তেল বিক্ৰী কৰাৰ উপৰিও জোখতকৈ কম পৰিমাণৰ তেল দিয়াৰো অভিযোগ উত্থাপন হৈ আহিছিল। এই পেট্ৰ’ল পাম্পতে পেট্ৰ’ল ভৰাই বহুতৰে বাহন বিকল হৈ পৰিছিল। 

তাৰোপৰি এই পেট্ৰ’ল পাম্পটোৰ গৰাকীয়ে থাকিবলগীয়া জন সুৰক্ষাৰ দিশটোকো আওকান কৰি আহিছিল। পেট্ৰ’ল পাম্পটোৰ বাবেই কাষৰ অঞ্চলটোত কৃত্ৰিম বানপানী হোৱাৰ অভিযোগ আছিল। 

এনে বহু অভিযোগ উত্থাপিত হৈ অহা ইণ্ডিয়ান অইলৰ এই পেট্ৰ’ল পাম্পটোত আজি অতৰ্কিতে অভিযান চলাই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। সেই সময়তে পোহৰলৈ আহে প্ৰয়োজনীয় ট্ৰেড লাইচেঞ্চেই নাই পেট্ৰ’ল পাম্পটোৰ। তাৰোপৰি নাই আনুসাংগিক অন্যান্য নথি-পত্ৰ। 

অন্যহাতে যোৱা সময়ছোৱাত এই পেট্ৰ’ল পাম্পটোৰ প্ৰকৃত গৰাকী কোন তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈ আহিছিল। স্থানীয় ৰাইজে শুনিবলৈ পোৱা মতে গুৰগাঁৱৰ এটা গ্ৰুপে এই পেট্ৰ’ল পাম্পটো লীজত লৈছিল।

কিন্তু বৰ্তমান এই পেট্ৰ’ল পাম্পটো এগৰাকী পুৰুষ আৰু মহিলাই চলাই আছে বুলি জানিবলৈ পৰা গৈছে যদিও তেওঁলোক উৰিয়াগাওঁ অঞ্চলত নাথাকে। তেওঁলোকে পেট্ৰ’ল পাম্পটোৰ চোৱাচিতাৰ দায়িত্ব দিছে জনৈক সঞ্জয় আগৰৱালক। 

অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল এই পেট্ৰ’ল পাম্পৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰই হেনো নাই গৰাকীৰ হাতত! যাৰ পৰিপ্ৰেক্ষিততে আজি এই পেট্ৰ’ল পাম্পটো প্ৰশাসনে ছীল কৰি দিয়া বুলি জানিব পৰা গৈছে।

কিন্তু প্ৰশ্ন হয় প্ৰয়োজনী অনুজ্ঞাপত্ৰ, ট্ৰেডিং লাইচেঞ্চ আৰু অন্যান্য প্ৰয়োজনীয় নথি-পত্ৰ অবিহনে কিদৰে ইমান দিনে এই পেট্ৰ’ল পাম্পটো চলি আছিল? পেট্ৰ’ল পাম্পটোৰ সৈতে জড়িতসকলৰ ওপৰত কাৰ আছে আশীৰ্বাদ? আশা কৰা হৈছে প্ৰশাসনৰ আজিৰ এই পদক্ষেপৰ পাছত সকলো বিষয় পোহৰলৈ আহিব। সদ্যহতে প্ৰশাসনৰ এই পদক্ষপক শলাগ লৈছে স্থানীয় ভুক্তভোগী ৰাইজে। 

উৰিয়াগাওঁ পেট্ৰ'ল পাম্প