নগাঁৱত সামগ্ৰী নিৰ্মাণ কাৰখানা ছীল প্ৰশাসনৰ...

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত বৈধ পৰিমাপ বিজ্ঞানৰ নিয়ন্ত্ৰক, নগাঁও জিলাৰ শাখাই এটা পূজা সামগ্ৰী আৰু খাদ্য সামগ্ৰী নিৰ্মাণৰ কাৰখানা ছীল কৰে।

author-image
Asomiya Pratidin
New Update
নগাঁৱত সামগ্ৰী নিৰ্মাণ কাৰখানা ছীল প্ৰশাসনৰ...

ডিজিটেল সংবাদ, নগাঁও: খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত বৈধ পৰিমাপ বিজ্ঞান (লিগেল মেট্ৰ'লজী)ৰ নিয়ন্ত্ৰক, নগাঁও জিলাৰ শাখাই আৰম্ভ কৰা পৰিদৰ্শন কাৰ্যসূচীৰ অংশস্বৰূপে ২৭ আগষ্টত ৰাজহুৱা অভিযোগৰ ভিত্তিত জিলাখনৰ ওপৰ ডিমৰুগুৰিৰ নিবাসী এগৰাকী কাৰখানাৰ স্বত্বাধিকাৰীৰ ঘৰত দীৰ্ঘদিন ধৰি চলাই থকা পূজা সামগ্ৰী আৰু খাদ্য সামগ্ৰী নিৰ্মাণৰ কাৰখানাটোত আকস্মিক পৰিদৰ্শন কৰে। 

Advertisment

জিলা অতিৰিক্ত আয়ুক্ত সুদীপ নাথ, সহকাৰী আয়ুক্ত  তেজস অগ্নিহোত্রী, জিলা খাদ্য বিষয়া, জিলা ঔষধ পৰিদৰ্শক আৰু জিলা বৈধ পৰিমাপ বিজ্ঞান বিভাগৰ বিষয়াসকলৰ উপস্থিতিত এই আকস্মিক পৰিদৰ্শনৰ সময়ছোৱাত কাৰখানাটোৰ পৰা বহু সংখ্যক ভুল তথ্যৰে বিক্ৰীৰ বাবে মজুত কৰি ৰখা সামগ্ৰীৰ লগতে নিম্নমানৰ সামগ্ৰী উদ্ধাৰ কৰা হয় ।

উল্লেখযোগ্য যে, উক্ত কাৰখানাটোৰ পৰা ভুৱা মৌ, ঘিউ আদি বিভিন্ন ধৰণৰ স্বাস্থ্য-ক্ষতিকাৰক আৰু জনসাধাৰণৰ বাবে অত্যন্ত বিপজ্জনক প্ৰস্তুত সামগ্ৰী উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত, উপভোক্তাসকলৰ স্বাস্থ্য সুৰক্ষা আৰু আইনী প্ৰক্ৰিয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বৈধ পৰিমাপ বিজ্ঞান (লিগেল মেট্ৰোলজী) বিভাগে পৰৱৰ্তী তদন্তৰ বাবে সম্পূৰ্ণ কাৰখানাটো জব্দ (ছীল) কৰে । অৱশ্যে অভিযানকাৰী দলে স্বতাধিকাৰী নাম ৰাজহুৱা কৰা নাই ।

নগাওঁ