নগাঁৱত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

অসমৰ পৰা বাংলাদেশী, মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰাপায়েনেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ ১১ ঘন্টীয়া অনশন। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে নগাঁও জিলা ছাত্ৰ সন্থাই নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

অসমৰ পৰা বাংলাদেশী, মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰাপায়নেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক কা'ৰ আওঁতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰখাৰ বাবে সকিয়াই দিয়ে। অনশন কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় বিত্ত সম্পাদক গৌৰী শংকৰ শইকীয়া , জিলা সভাতি সীমান্ত বৰাৰ লগতে আছুৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে।

নগাঁও