নাগালেণ্ড আৰক্ষী গ'বেক ধ্বনিৰে উত্তাল মেৰাপানী সীমান্ত

অসমৰ প্ৰতিবাদস্থলীত দাদাগিৰি কৰিবলৈ আহি পহুখেদা খালে নগালেণ্ড আৰক্ষীয়ে। অসম ভূমিত নগা আৰক্ষীৰ টহল প্ৰত্যক্ষ কৰি জাঙুৰ খাই উঠিল প্ৰতিবাদস্থলীত সমবেত ৰাইজ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-18 at 1.56.14 PM

ডিজিটেল সংবাদ, মেৰাপানীঃ অসমৰ প্ৰতিবাদস্থলীত দাদাগিৰি কৰিবলৈ আহি পহুখেদা খালে নগালেণ্ড আৰক্ষীয়ে। অসম ভূমিত নগা আৰক্ষীৰ টহল প্ৰত্যক্ষ কৰি জাঙুৰ খাই উঠিল প্ৰতিবাদস্থলীত সমবেত ৰাইজ। নাগালেণ্ড পুলিচ গ' বেক ধ্বনিৰে উত্তাল হৈ পৰিল মেৰাপানীৰ ভেলৌগুৰি। 

উল্লেখযোগ্য যে, নগা দখলকৃত অসমভূমিত নগাই পাম অইলৰ খেতি কৰাক লৈ দ্বিতীয় দিনাও উত্তাল প্ৰতিবাদ অৱ্যাহত আছে মেৰাপানীত। মেৰাপানীৰ ভেলৌগুৰিৰ বিবদমান চীডফাৰ্মত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি নগালেণ্ডৰ কৃষি বিভাগে পাম অইলৰ খেতি কৰাকলৈ জাঙুৰ খাই উঠিছে মেৰাপানীবাসী।

বৃহস্পতিবাৰে স্থানীয় ৰাইজ আৰু কেইবাটাও জাতীয় সংগঠনে চিডফাৰ্মৰ সমীপত অৱস্থান কৰি নগাৰ বিৰুদ্ধে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। প্ৰতিবাদকাৰীসকলে চীডফাৰ্মৰ পৰা পাম অইলৰ পুলি উভোটাই নিনিয়া পৰ্য্যন্ত নগাৰ বিৰুদ্ধে আন্দোলন অৱ্যাহত ৰাখিব বুলি স্পষ্টকৈ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, নগা দখলকৃত অসমভূমিৰ চিডফাৰ্মত ৰোপনৰ বাবে ইতিমধ্যে নগালেণ্ডৰ কৃষি বিভাগে সহস্ৰাধিক পাম অইলৰ পুলি মজুত কৰি ৰাখিছে।

মেৰাপানী