জুক ভেলীক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ পৰ্যটনথলী হিচাপে গঢ় দিয়াৰ লক্ষ্য নাগালেণ্ড চৰকাৰৰ...

নাগালেণ্ড চৰকাৰে ২৫০ কোটি টকা ব্যয়সাপেক্ষে ৰূপান্তৰমূলক উন্নয়নৰ আঁচনিৰে জুক ভেলীক আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ পৰ্যটনথলী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই প্রস্তাৱ আগবঢ়ায়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  উদয়পুৰত অনুষ্ঠিত ৰাজ্যিক পর্যটন মন্ত্রীসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনতৰ পৰ্যটন মন্ত্ৰী টেমজেন ইমনা আলঙে বিশ্বমানৰ পৰ্যটন উন্নয়নৰ মূল কেন্দ্ৰবিন্দু হিচাপে জুক ভেলীক গুৰুত্ব আৰোপ কৰিছে। ৰাজস্থানৰ উদয়পুৰত চলি থকা ৰাজ্যিক পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকত ভাষণ দি তেওঁ উপত্যকাটোৰ নিৰ্মল ভূ-প্ৰকৃতি আৰু সৌন্দৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

উদয়পুৰত অনুষ্ঠিত ৰাজ্যিক পর্যটন মন্ত্রীসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৫০ খন পর্যটনথলীৰ বিকাশৰ বাবে ৰাষ্ট্রীয় পদক্ষেপৰ অধীনত নাগালেণ্ড চৰকাৰে জুক ভেলীৰ নাম প্রস্তাৱ কৰিছে। বুধবাৰে সামৰণি পৰা এই সন্মিলনত পৰ্যটন মন্ত্ৰ্যালয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় প্রত্যাহ্বান পদক্ষেপৰ জৰিয়তে বিশ্বমানৰ ৫০ খন পৰ্যটনথলী বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।

লক্ষ্যণীয় যে, নাগালেণ্ড চৰকাৰে ২৫০ কোটি টকা ব্যয় সাপেক্ষে ৰূপান্তৰমূলক উন্নয়নৰ আঁচনিৰে জুক ভেলীক আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ পৰ্যটনথলী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই প্রস্তাৱ আগবঢ়ায়।

উল্লেখ কৰা প্ৰয়োজন, এই প্রকল্পত উপত্যকাখনৰ প্ৰাকৃতিক পৰিৱেশতন্ত্র সংৰক্ষিত কৰাৰ লগতে পৰিৱেশ অনুকূল বিলাসী হোটেল নির্মাণ আৰু পৰ্যটকৰ বাবে অন্যান্য সুবিধা উপলব্ধ কৰাৰ বিষয়সমূহ অন্তর্ভুক্ত কৰা হৈছে।

নাগালেণ্ড পৰ্যটন পৰ্যটন উদ্যোগ