/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/jn.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ পেৰেন জিলাৰ লামহাইনডী গাঁৱত সোমবাৰে সন্ধিয়া অজ্ঞাত দুস্কৃতিকাৰীয়ে তিনিজন লোকক গুলীয়াই হত্যা কৰা ঘটনা চাঞ্চল্য সৃষ্টি কৰিছে । প্ৰাপ্ত খবৰ অনুসৰি পেৰেন জিলাৰ লামহাইনডী গাঁৱৰ নিজা মাটিত কাম কৰি থকাৰ অৱস্থাত দুস্কৃতিকাৰীয়ে তিনিওজনেক গুলীয়াই হত্যা কৰে ।
পিছত গাঁওবাসীয়ে এখন বাহনৰ সৈতে মৃতদেহ কেইটা উদ্ধাৰ কৰে। জানিব পৰা মতে নিহত লোককেইজন মূলতঃ বেনেৰেউ গাঁৱৰ। অৱশ্যে এই সন্দৰ্ভত পেৰেন আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ নকৰাত নিহত ব্যক্তি কেইজনৰ চিনাক্ত কৰিব পৰা নাই।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এন এছ চি এন ইউনিফিকেছন গোটে গাঁৱখনৰ তিনিজন যুৱকক অপহৰণ কৰি নিয়াত জেলিয়াৰঙ ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছিল । সম্প্ৰতি তিনিগৰাকী যুৱকক এনেদৰে দুস্কৃতিকাৰীয়ে হত্যাৰ কৰা ঘটনাটো হস্তক্ষেপ কৰিবলৈ ৰাজ্যপাল আৰ এন ৰবিক আহবান জনাইছে