/asomiyapratidin/media/media_files/2026/02/05/nagalandddd-2026-02-05-18-42-24.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ অৱশেষত ইষ্টাৰ্ণ নগালেণ্ডবাসীৰ দীৰ্ঘদিনৰ দাবী মানি ললে কেন্দ্ৰীয় চৰকাৰে। নগালেণ্ডৰ ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনৰ (ইএনপিঅ’) সীমান্ত নাগালেণ্ড টেৰিটৰী গঠনৰ বাবে দীৰ্ঘদিনে ধৰি জনাই অহা দাবীসমূহ সমাধানৰ বাবে বৃহস্পতিবাৰে বিয়লি ৪ বজাত নতুন দিল্লীত কৰ্তব্য ভৱনত ভাৰত চৰকাৰ নগালেণ্ড আৰু ইনএন পিঅৰ সৈতে এখন ঐতিহাসিক ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয় ।
কেন্দ্রীয় গৃহমন্ত্রী মন্ত্রী অমিত শ্বাহৰ উপস্থিতিত ভাৰত চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু ইষ্টার্ণ নাগালেণ্ড পিপলছ অর্গেনাইজেচনৰ মাজত ত্রিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়। নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ প্ৰচেষ্টাত নতুন দিল্লীত পূব নাগালেণ্ডৰ ক্ৰমে কিফিৰে, লংলেং, মন, নোক্লক, শ্বামাটৰ আৰু টুৱেনছাঙৰ জিলাৰ সামৰি এক অনন্য স্বায়ত্তশাসিত প্রশাসনিক ব্যৱস্থা ফ্রন্টিয়াৰ নাগালেণ্ড টেৰিটৰী (এফএনটি) সৃষ্টিৰ আনুষ্ঠানিকতা প্ৰদান কৰা চুক্তি স্বাক্ষৰ কৰে।
নগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ অঞ্চলটোৰ উন্নয়নমূলক আৰু শাসনৰ বৈষম্য দূৰ কৰাৰ বাবে এক সুকীয়া ৰাজনৈতিক ব্যৱস্থাৰ বাবে ইএনপিঅ'ই এক দশকৰো অধিক সময় ধৰি দাবী জনাই আহিছিল। ইএনপিঅ সৈতে দীঘলীয়া আলোচনাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে আজি এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে।
সীমান্ত নগালেণ্ড টেৰিটৰিয়েল অথৰিটি অৰ্থাৎ এফএনটিএ হিচাপে সুকীয়া প্ৰশাসনিক স্বায়ত্তশাসন ব্যৱস্থা থাকিব বুলি আশা জানিব পৰা গৈছে। নগালেণ্ড টেৰিটৰিয়েল অথৰিটি পূব নগালেণ্ডৰ ৬খন জিলাক কাৰ্যবাহী, বিধানসভা আৰু বিত্তীয় স্বায়ত্তশাসন প্ৰদান কৰিব ।
জানিব পৰা মতে, বিধানসভাত ৪০ জন নিৰ্বাচিত সদস্য আৰু ৯ জন মনোনীত সদস্যৰে থাকিব। এই স্বায়ত্ত পৰিষদত অধীনস্থ প্ৰায় ৪৫টা ৰাজ্যিক বিভাগক সামৰি লব। নিৰাপত্তা ক্ষেত্ৰত কেন্দ্ৰই নীতিগতভাৱে ভিলেজ গাৰ্ডক আধুনিকীকৰণৰ বাবে সন্মত হৈছে।
অঞ্চলটোৰ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ এটা ৰেজিমেণ্ট স্থাপনৰ কথা চিন্তা কৰিছে । দহ বছৰৰ পিছত পুনৰীক্ষণ কৰি ৰাজ্যত্বৰ বাকী থকা যিকোনো আকাংক্ষাক সমাধান কৰা হ’ব। উল্লেখযোগ্য যে নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই এই ত্ৰিপাক্ষীক চুক্তিখনক ঐতিহাসিক চুক্তি বুলি অভিহিত কৰে।
ৰিঅ’ই কয় যে- এই চুক্তিখনে নগালেণ্ডৰ সকলো অঞ্চলৰ সমান্তৰাল আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।এই চুক্তিখনে পাৰস্পৰিক আস্থা প্ৰতিফলিত কৰে। বিশেষকৈ পূব নাগালেণ্ড আৰু সামগ্ৰিকভাৱে ৰাজ্যখনৰ আকাংক্ষাক আৰু উন্নয়নক প্ৰতিটো দুৱাৰমুখলৈ লৈ যাব।
তেওঁ এই চুক্তিৰ বাবে পূব নগালেণ্ডৰ ভাই-ভনীসকলক অভিনন্দন জনাই ইয়াক এক মাইলৰ খুঁটিৰ কৃতিত্ব বুলি অভিহিত কৰে। সকলোৰে বাবে প্ৰগতি আৰু উন্নয়নৰ সামূহিক আকাংক্ষাৰ দিশত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দি ৰিঅ’ই কয় যে, এটা যাত্ৰা শেষ হোৱাৰ লগে লগে আন এটা যাত্ৰা আৰম্ভ হয়। তেওঁ লগতে কয় যে- সকলো নগা জনজাতিয়ে এই উন্নয়ন উদযাপন কৰিব লাগে আৰু ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে কেন্দ্ৰই নাগালেণ্ডক সৰ্বাংগীন উন্নয়নৰ দিশত পথ প্ৰদৰ্শন কৰি যাব বুলি আশা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us