নদুৱাৰত বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা আঁচনিৰ জৰিয়তে অসমৰ চাহ বাগিচাসমূহত শিক্ষাৰ উত্তৰণ ক্ষেত্ৰত এক সুদূৰ-প্ৰসাৰী প্ৰভাৱ বিস্তাৰ নিশ্চিত।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-21 at 12.44.01 PM

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  নদুৱাৰ সমষ্টিত আজি প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধিনত আন্ত:গাঁথনি উন্নয়নৰ বাবে আৱন্তিত ধনেৰে তিনি খনকৈ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ইয়াৰ ভিতৰত বিদ্যালয় সমূহৰ বাবে আৱন্তিত চৰকাৰী ধনৰ পৰিমাণ হৈছে  মনাই চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ৰ বাবে  ১লাখ ২২ হাজাৰ টকা,দিকৰাই চাহবাগিছাৰ প্ৰাথমিক বিদ্যালৰ বাবে ৮৭ লাখ ৫৩ হেজাৰ টকা আৰু গেলা হাটিঙা চাহবাগিছাৰ প্ৰাথমিক বিদ্যালয়ৰ বাবে ২৭ লাখ ৯৮ হেজাৰ টকা ৷ 

উল্লেখ্য যে আধাৰশিলা অনুষ্ঠানত বিধায়ক গৰাকীয়ে মন্তব্য  কৰে যে - প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনা আঁচনিখনৰ জৰিয়তে অসমৰ চাহ বাগিচাসমূহত শিক্ষাৰ উত্তৰণ ক্ষেত্ৰত এক সুদূৰ-প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰাটো নিশ্চিত। যিহেতু এই আঁচনিত ইতিমধ্যে  ৮০০ খন চাহ বাগিছাৰ ৭ লাখৰো অধিক চাহ শ্ৰমিক অন্তৰ্ভুক্ত হৈছে। 

তাৰোপৰি, ইয়াৰ পাছতে বিধায়ক পদ্ম হাৰিকাই  সমষ্টিটোৰ উত্তৰ বালিজুৰি আৰু উত্তৰ মূঢ়াদল অঞ্চল সংযোগী পথৰ ওপৰত ২ কোটি ৫৫ লাখ টকা ব্যয়সাপেক্ষে এখন পকীৰ দলং নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে ৷

জামুগুৰিহাট পদ্ম হাজৰিকা নদুৱাৰ সমষ্টি