/asomiyapratidin/media/media_files/2025/12/11/sdsdsdsd-2025-12-11-16-40-40.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নদুৱাৰ অঞ্চলৰ কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ শিলডুবি বিলত আজি ১১০ টাকৈ কাছৰ পোৱালী মুকলি কৰি দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/captureffff-2025-12-11-16-41-54.jpg)
TSA .India নামৰ বন্যপ্ৰাণী সংগঠনৰ উদ্যোগত বন্যপ্ৰাণী বিভাগৰ সহযোগত ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ বিশাল পুখুৰীত কৃত্ৰিমভাৱে জন্ম দিয়া এই কাছৰ পোৱালিসমূহ সংৰক্ষণৰ স্বাৰ্থত বনাঞ্চলৰ বৃহৎ এলোকাৰ শিলডুবিত বিল খনত মুকলি কৰি দিবলৈ পাই সন্তুষ্টি লাভ কৰা বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ কাছৰ পোৱালি মুকলি অনুষ্ঠান অংশগ্ৰহণ কৰে TSA.India ৰ সঞ্চালিকা সুস্মিতা কৌৰ আৰু নাগশংকৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি, বন্যপ্ৰাণী বিভাগৰ ডি,এফ,অৰ লগতে বিষয়াবৰ্গই৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us