নদুৱাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত 'আজাদী কা মহোৎসৱ ঘৰ ঘৰ ত্ৰিৰংগা' উদযাপন

ভাৰতৰ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জামুগুৰিহাটৰ অন্তৰ্গত বাকোলাস্থিত নদুৱাৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলত প্ৰতিকূল বতৰৰ মাজতো বুধবাৰে আজাদী  কা মহোৎসৱ ঘৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচী সম্পন্ন কৰা হয়

author-image
Asomiya Pratidin
New Update
95

ডিজিটেল সংবাদ, জামুগুৰিহাট : ভাৰতৰ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জামুগুৰিহাটৰ অন্তৰ্গত বাকোলাস্থিত নদুৱাৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলত প্ৰতিকূল বতৰৰ মাজতো বুধবাৰে আজাদী কা মহোৎসৱ ঘৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচী সম্পন্ন কৰা হয় । বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক- শিক্ষয়িত্ৰী তথা শতাধিক ছাত্ৰ- ছাত্ৰীৰ উপস্থিতিত এই কাৰ্যসূচী সম্পন্ন কৰা হয়।

Advertisment

বিদ্যালয়ৰ পৰিসৰৰ পৰা প্ৰায় দুই কি.মি দুৰত্বলৈকে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ ভাৰত মাতা কি জয়, বন্দে মাতৰম আদি শ্ল'গান দি আজাদী কা মহোৎসৱ ঘৰ ঘৰ ত্ৰিৰংগা উদযাপন কৰে । উল্লেখযোগ্য আজাদী কা মহোৎসৱ উপলক্ষে উলিওৱা এই ৰেলী ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক আনোৱাৰ  নাছিৰে।

independence day