নবাৰুণ সাহিত্য সভা আমৰাঙা বৰিহাটৰ শিল্পী দিৱস সম্পন্ন

কামৰূপ জিলা সাহিত্য সভাৰ অন্যতম সক্ৰিয় শতদল শাখা নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ উদ্যোগত আজি ১৭ জানুৱাৰীত শিল্পী দিৱসটি উদযাপন কৰা হয়। এই উপলক্ষে পুৱা স্থায়ী কাৰ্যালয়ত পতাকা উত্তোলন কৰে সভাপতি উপেন্দ্ৰ নাথ ঠাকুৰীয়াই।

author-image
Asomiya Pratidin
New Update
17 raj new ap web 11-11-24 new 2

ডিজিটেল সংবাদ, মিৰ্জা: কামৰূপ জিলা সাহিত্য সভাৰ অন্যতম সক্ৰিয় শতদল শাখা নৱাৰুণ সাহিত্য সভা, আমৰাঙা-বৰিহাটৰ উদ্যোগত আজি ১৭ জানুৱাৰীত শিল্পী দিৱসটি উদযাপন কৰা হয়।  এই উপলক্ষে পুৱা স্থায়ী কাৰ্যালয়ত পতাকা উত্তোলন কৰে সভাপতি উপেন্দ্ৰ নাথ ঠাকুৰীয়াই।

ইফালে, বন্তি প্ৰজ্বলন কৰে সহকাৰী সম্পাদক অনন্ত কলিতা আৰু জ্যেষ্ঠ সদস্য মুনীন কৈৱৰ্তই। স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি কিৰণ কলিতাই। তাৰপিছত বৰিহাট জোনাকীপুৰ নিবাসী সংগীতশিল্পী আনন্দ দাসৰ বাসগৃহত উপস্থিত হৈ সাহিত্যানুষ্ঠানটোৰ বিষয়ববীয়াসকলে তেওঁক চেলেং, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰে।

লগতে তেওঁক আনুষ্ঠানিকভাৱে জনশিল্পী উপাধি প্ৰদান কৰা হয়। এই অনুষ্ঠানত কিৰণ কলিতাই কয়- শিল্পীৰ দুটা ভাগ; এটি চৰকাৰী, এটি জনতাৰ শিল্পী। জনতাৰ শিল্পীহে আমাক লাগে। 

আনহাতে সভাই বৰহেৰামদো নিৱাসী ভাস্কৰ্যশিল্পী ধৰ্মকান্ত দাসক নিজ বাসগৃহত গৈ চেলেং চাদৰ, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰে। উল্লেখ্য যে,পিতৃৰ পদাংক অনুসৰি ভাস্কৰ্য শিল্পকলাৰ লগত বহুদিনৰ পৰাই জড়িত হৈ গুৰু আসন,সত্ৰৰ দৰ্জা আদি নিৰ্মাণ কৰি আহিছে ধৰ্মকান্ত দাসে। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত ৰে'লৱে কৰ্মচাৰী। তেওঁ অৱসৰ গ্ৰহণ কৰিও এই ভাষ্কৰ্য শিল্পত জড়িত হোৱাত সভাই সন্তোষ প্ৰকাশ কৰে।

এই দুয়োটা কাৰ্যসূচীত নৱাৰুণ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰজনী কলিতা,কিৰণ কলিতা আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য তথা প্ৰাক্তন অধ্যক্ষ ড° গজেন্দ্ৰ অধিকাৰী, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ অৱসৰী কৰ্মচাৰী ৰমেশ মহন্ত, সম্পাদক মিতুমণি দাস, প্ৰমুখ্যে বৰ্তমানৰ বিষয়ববীয়া আৰু সদস্য, আকাশ উপ সমিতিৰ আহ্বায়ক বিজু গোস্বামী আৰু সদস্যসকল উপস্থিত থাকে।

শিল্পী দিৱস