সকামলৈ বুলি ওলাই গৈ উভতি নাহিল ভকত নৱ হাজৰিকা...

চিচিবৰগাঁৱৰ সমীপৰ গাইনদীত উদ্ধাৰ হ'ল এজন বৃদ্ধৰ মৃতদেহ। সকামলৈ বুলি ওলাই গৈ উভতি নাহিল ভকত।  বুধবাৰে সন্ধিয়া চিচিবৰগাঁৱৰ সমীপৰ গাইনদীৰ ৰেলৱে দলঙৰ সমীপত উদ্ধাৰ হৈছে এগৰাকী প্ৰায়

author-image
Asomiya Pratidin
New Update
jjjjjd

ডিজিটেল সংবাদ, চিলাপথাৰঃ   চিচিবৰগাঁৱৰ সমীপৰ গাইনদীত উদ্ধাৰ হ'ল এজন বৃদ্ধৰ মৃতদেহ। সকামলৈ বুলি ওলাই গৈ উভতি নাহিল ভকত।  বুধবাৰে সন্ধিয়া চিচিবৰগাঁৱৰ সমীপৰ গাইনদীৰ ৰেলৱে দলঙৰ সমীপত উদ্ধাৰ হৈছে এগৰাকী প্ৰায় সত্তৰ বছৰীয়া বৃদ্ধৰ মৃতদেহ ।

দলঙৰ সমীপত নদীৰ পানীত পৰি থকা অৱস্থাত মৃতদেহটো দেখা পাই স্থানীয় ৰাইজে চিচিবৰগাঁও আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । মৃতদেহটো চিলাপথাৰ কললৌৱা মিথুনপথাৰ গাঁৱৰ নৱ হাজৰিকাৰ। মৃত নৱ হাজৰিকাৰ পৰিয়ালে চিচিবৰগাঁও আৰক্ষী চকীত উপস্থিত হৈ মৃতদেহ চিনাক্ত কৰে ।

দেওবাৰে গাঁৱৰে কাৰোবাৰ ঘৰত সকাম থকা বুলি জনাই ঘৰৰ পৰা ওলাই গৈছিল বৃদ্ধ নৱ। অৱশেষত তিনিদিনে নিখোজ হৈ থকা বৃদ্ধৰ মৃতদেহ দেওবাৰে উদ্ধাৰ হল গাই নদীৰ সমীপত। 

ধেমাজি