/asomiyapratidin/media/media_files/2025/08/10/web1-2025-08-10-12-43-21.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : স্বাধীনতা আন্দোলনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অসামান্য বৰঙনিক শ্ৰদ্ধা জনাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে এক বিশাল নাট্য আয়োজন কৰিছে। সাদিনীয়াকৈ আয়োজন কৰা হৈছে পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা।
অহা ১৫ আগষ্টৰ পৰা ২১ আগষ্টলৈ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই নাটমেলাৰ আয়োজন কৰা হৈছে। প্ৰতি সন্ধিয়া ৫ বজা আৰু ৭বজাত প্ৰদৰ্শন কৰা হ'ব একোখনকৈ বিশেষ নাটক। পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাৰ অধীনত মুঠ ২৫খন নাটক মঞ্চস্থ কৰাৰ এক অভিলাষী প্ৰকল্প হাতত লোৱা হৈছে যদিও প্ৰথম পৰ্যায়ত ৭খন নাটক অহা ১৫ আগষ্টৰ পৰা মঞ্চস্থ কৰা হ'ব।
নাটকসমূহ হৈছে একাদিক্ৰমে ১৫ আগষ্টত হিল্লোল কুমাৰ পাঠকৰ ৰচনা আৰু অবিনাশ শৰ্মাৰ পৰিচালনাৰে 'গোপীনাথ', ১৬ আগষ্টত মৃণাল কুমাৰ বৰাৰ ৰচনা আৰু পৰিচালনাৰে 'গোভাৰজা চত্ৰসিং', ১৭ আগষ্টত পংকজজ্যোতি ভূঞাৰ ৰচনা আৰু পবিত্ৰ চেতিয়াৰ পৰিচালনাৰে 'মাংৰি মেম', ১৮ আগষ্টত উৎপল দত্তৰ ৰচনা আৰু অসীম কুমাৰ নাথৰ পৰিচালনাৰে 'ব্ৰজনাথ', ১৯ আগষ্টত প্ৰশান্ত কটকীৰ ৰচনা আৰু কৃষ্ণ ভূঞাৰ পৰিচালনাৰে 'জ্যোতিপ্ৰসাদ,২০ আগষ্টত কৰুণা ডেকাৰ ৰচনা আৰু গুণাকৰ দেৱগোস্বামীৰ পৰিচালনাৰে 'অম্বিকাগিৰী' আৰু ২১ আগষ্টত সপোনজ্যোতি ঠাকুৰৰ ৰচনা আৰু সীমান্ত ফুকনৰ পৰিচালনাৰে 'চন্দ্ৰপ্ৰভা'।
প্ৰেক্ষাগৃহৰ সীমিত আসনৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোক্তাই আসনৰ পূৰ্বৱৰ্তী সংৰক্ষণৰ বাবে দুটি হোৱাটছএপ নম্বৰ মুকলি কৰিছে। সেইদুটা নম্বৰ হৈছে ৭০০২২ ১৮৩০৯ আৰু ৬৯০০৪ ৪৫৯৫১। তদুপৰি ১২ আগষ্টত দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ মূল প্ৰৱেশদ্বাৰত বিনামূলীয়া টিকট দিয়া হ'ব।
ইয়াৰ লগত সংগতি ৰাখি স্বৰাজ পৰিক্ৰমা শীৰ্ষক এখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এক সংবাদমেলত এই কথা ঘোষণা কৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে।