শিলচৰ বৰনামঘৰত নিশাৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহৰ নাম -কীৰ্তন

সোমবাৰৰ পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহ। এই ভাদ মাহ উপলক্ষে সমগ্ৰ ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা গুৰু দুজনাৰ নাম কীৰ্তন আৰম্ভ হৈছে।

author-image
Asomiya Pratidin
New Update
120

ডিজিটেল সংবাদ, শিলচৰ : সোমবাৰৰ পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহ। এই ভাদ মাহ উপলক্ষে সমগ্ৰ ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা গুৰু দুজনাৰ নাম কীৰ্তন আৰম্ভ হৈছে। প্ৰতি বছৰৰ দৰে শিলচৰ বৰনামঘৰতো আজি নিশাৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহৰ নাম কীৰ্তন আৰু ভাগৱত পাঠ।

Advertisment

চাকৰি সূত্ৰে শিলচৰ চহৰত বসবাস কৰা অসমীয়া আইমাতৃ বাপ ভক্তসকলৰ সহযোগত নামঘৰ পৰিচালনা সমিতিয়ে পবিত্ৰ ভাদ মাহৰ নাম কীৰ্তন আয়োজন কৰিছে। ভাদ মাহত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, শ্ৰীমন্তশঙ্কৰদেৱ আৰু মাধৱ দেৱৰ তিথি ধুমধামেৰে পালন কৰা হ'ব বুলি জানিবলৈ দিছে আয়োজকসকলে।

শিলচৰ