গৰু ভৰ্তি বাহন আৰক্ষীৰ জিম্মাত থকাৰ পিছতো কেনেকৈ মৃত্যু হ'ল গৰুৰ ?

বোকাখাতত সোমবাৰে মৃত্যু ৪৭ টা গৰুৰ

author-image
Asomiya Pratidin
New Update
গৰু ভৰ্তি বাহন আৰক্ষীৰ জিম্মাত থকাৰ পিছতো কেনেকৈ মৃত্যু হ'ল গৰুৰ ?

bokakhat

ডিজিটেল সংবাদ, বোকাখাতঃ গৰু ভৰ্তি জব্দকৃত বাহন আৰক্ষীৰ জিম্মাত থকাৰ পিছতো কেনেকৈ মৃত্যু হ'ল গৰুৰ ? স্বাভাবিকতেই এই প্ৰশ্নই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে বোকাখাতত।

বোকাখাতত চলি থকা অবৈধ গো- সৰবৰাহৰ পৰিণতিতে এনে এক কৰুণ ঘটনা সংঘটিত হোৱাৰ পিছতেই এতিয়া সোচ্চৰ হৈ পৰিছে বোকাখাতৰ একাংশ সংগঠন।

সোমবাৰে সংঘটিত হোৱা কৰুণ ঘটনাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS), অসম সত্ৰ মহাসভা, বজৰং দল, বিশ্ব হিন্দু পৰিষদ আৰু বোকাখাত আঞ্চলিক পালনাম সমিতিয়ে সোমবাৰে অবৈধ গো সৰবৰাহৰ লগতে ৪৭ টাকৈ গৰুৰ মৃত্যুক গো-হত্যা আখ্যা দি বোকাখাতৰ মহকুমাধিপতিক উচিৎ তদন্তৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে।

ইফালে উক্ত সংগঠন সমূহৰ প্ৰতিনিধিক মহকুমাধিপতি নেহা যাদবে প্ৰশাসনৰ গাফিলতিৰ বাবেই ৪৭টাকৈ গৰুৰ মৃত্যু হোৱা বুলি অকপতে স্বীকাৰ কৰাৰ কথাও ব্যক্ত কৰিছে উক্ত সংগঠনৰ প্ৰতিনিধিয়ে।

উল্লেখযোগ্য সোমবাৰে পুৱতি নিশা বোকাখাত আৰক্ষীৰ তালাচীত চোৰাং গৰু সহ জব্দ হৈছিল এ এছ ০২ ই ৫৯৯৮ নম্বৰৰ এখন পাঞ্জাৱবডী ট্ৰাক।

বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত জব্দ হোৱা বাহন খনত আছিল অবৈধভাৱে সৰবৰাহ কৰা ৪৮ টা গৰু। জব্দকৃত ট্ৰাকখন বোকাখাত আৰক্ষী থানা চৌহদত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ৪৮ টা গৰুৰ ৪৭ টা গৰুৰ মৃত্যু হৈছিল।

বোকাখাত আৰক্ষীয়ে ট্ৰাকখনৰ চালক মুচাৰফ হোছেইনক আটক কৰাৰ লগতে গৰুভৰ্তি ট্ৰাকখন বোকাখাতৰ ৰজাবাৰীৰ বহু বিতৰ্কিত ব্যৱসায়ী পৰমানন্দ দাসৰ ব্যবসায়ীক চৌহদৰ পৰা চামুগুৰিলৈ গৈ আছিল বুলি আটকাধীন গাড়ীখনৰ চালক জনে সাংবাদিকৰ আগত ব্যক্ত কৰিছিল।

ইফালে বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাই জব্দকৃত গাড়ীখনৰ ৪৮ টাকৈ গৰু সাপ্তাহিক বিহৰা গৰু বজাৰৰ পৰাহে অনা হৈছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যদিও বোকাখাতৰ বিহৰা বজাৰত সপ্তাহৰ প্ৰতি দেওবাৰেহে গৰুৰ বজাৰ বহে ।

তেনেস্থলত উক্ত গৰু সমূহ ক'ৰ পৰা বোকাখাত ৰজাবাৰীৰ পৰমানন্দ দাসৰ ব্যবসায়ীক চৌহদলৈ আহিল সেইয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে।

অন্যহাতে আন এক অভিযোগ অনুসৰি অসমত 'পশুধন সুৰক্ষা আইন ২০২১' সুৰক্ষা আইন বলবৎ হোৱাৰ পাছৰে পৰা অবৈধ গো সৰবৰাহকাৰী সকলে ঐতিহাসিক বিহৰা গৰু বজাৰখনক অবৈধ গো ব্যৱসায়ক বৈধ কৰাৰ এক অঘোষিত স্থান বুলিহে দীৰ্ঘদিনৰ পৰা ব্যৱহাৰ কৰি আহিছে।

ইয়াৰ পূৰ্বে বিহৰা গৰু বজাৰত অসমৰ আনবোৰ সাপ্তাহিক গৰু বজাৰৰ দৰেই বৈধভাৱে গৰুৰ ব্যৱসায় চলি আছিল আৰু এই সাপ্তাহিক বজাৰখনলৈ ডিমাপুৰ, নাগালেণ্ড, ধেমাজি, জোনাই, মাজুলী, ডিব্ৰুগড়, লক্ষীমপুৰ, যোৰহাট, শিৱসাগৰ, নগাঁও আদি ঠাইৰ ব্যৱসায়ীয়ে ১০০০ ৰ পৰা ২০০০ লৈকে গৰু ক্ৰয়- বিক্ৰয় কৰিবলৈ অনাৰ নজিৰ আছিল।

সকলো চৰকাৰী নীতি-নিয়ম মানি এই ব্যৱসায়ী সকলে গৰুৰ ব্যৱসায় কৰি আহিছিল।অৱশ্যে বিশেষ "কেটল পাৰ্মিট"- সন্দৰ্ভত আৰক্ষী বৰ্তমানৰ দৰে কঠোৰ নাছিল।

বৰ্তমান প্ৰতি সপ্তাহে বিহৰা গৰু বজাৰত নামমাত্ৰ গৰুৰহে ক্ৰয় বিক্ৰয় হয় । বিপৰীতে বিহৰা গৰু বজাৰৰ গ্ৰামাঞ্চলৰ কেতবোৰ বিশেষ ঠাইতহে অবৈধ গো ব্যৱসায়ী সকলে গৰু সমূহ মজুত ৰাখি নিশাৰ ভাগত অসমৰ বিভিন্ন ঠাইলৈ অবৈধভাৱে সৰবৰাহ কৰে। ফলত উক্ত অঞ্চলবোৰত একো একোখন অবৈধ গৰু বজাৰহে গঢ় লৈ উঠিছে।

লক্ষণীয় ভাৱে নিশাৰ ভাগৰ এনে অবৈধ গৰু সৰবৰাহৰ সন্দৰ্ভত বোকাখাত আৰক্ষী আৰু বোকাখাত মহকুমা প্ৰশাসনক স্থানীয় সচেতন ৰাইজে লিখিত ভাৱে অৱগত কৰি অহাৰ পাছতো বোকাখাত মহকুমা প্ৰশাসন আৰু বোকাখাত আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহন কৰা নাই। যাৰ ফলত খোদ আৰক্ষীৰ জিম্মাতেই ৪৭ টাকৈ গৰুৰ মৃত্যু হোৱাৰ দৰে ঘটনা সংঘটিত হ'ল বোকাখাতত।

assam Assam police