/asomiyapratidin/media/media_files/2025/06/30/agroni-khabar-2025-06-30-16-16-01.webp)
ডিজিটেল সংবাদ, চিৰাং : অসমৰ পৰা বহিঃৰাজ্য কেৰেলাত কাম কৰিবলৈ যোৱা এজন শ্ৰমিকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে । মৃত শ্ৰমিক জনক চিৰাং জিলাৰ ৰুণীখাতা থানাৰ অন্তৰ্গত বেংতল আৰক্ষী চকীৰ ছোট নীলিবাৰী গাঁৱৰ দীনবন্ধু ৰায়ৰ পুত্ৰ গণেশ ৰায় (৩৩) বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত খবৰ অনুসৰি চিৰাং জিলাৰ ৰুণীখাতা থানাৰ ছোট নীলিবাৰী গাঁৱৰ পৰা কেৰেলাৰ মালাপ্পুৰম জিলাৰ পোট্টাগেলত ৰাজমিস্ৰীৰ কাম কৰিবলৈ গৈছিল গণেশ ৰায় । কিন্তু আজি ৰাতিপুৱা গণেশ ৰায় মৃতদেহ বিছনাত শুই থকা অৱস্থাত উদ্ধাৰ হয়।
কালি নিশা সম্পূৰ্ণ সুস্থ অৱস্থাত থকা গণেশ ৰায়ৰ আজি ৰাতিপুৱা ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই কেৰেলাত থকা অসমৰ সতীৰ্থ সকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে । কি কাৰণত গণেশ ৰায়ৰ মৃত্যু হৈছে তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক ভাবে হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক আঁকোৱালী লৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
ইপিনে অসমৰ পৰা কেৰেলাত কাম কৰিবলৈ অহা শ্ৰমিকৰ অস্বাভাৱিক মৃত্যুৰ খবৰ লাভ কৰি কেৰেলাৰ স্থানীয় আৰক্ষীৰ লোকে ঘটনাস্থলীত উপস্থিত গণেশ ৰায়ৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যবস্থা কৰে।
কেৰেলাত একেলগে কাম কৰা মৃত গণেশ ৰায়ৰ জেষ্ঠ ভাতৃয়ে অসমীয়া প্ৰতিদিনক জনোৱা অনুসৰি যি গৰাকী ঠিকাদাৰৰ অধীনত গণেশ ৰায়ে কাম কৰি আছিলে সেইজন ঠিকাদাৰে মৰণোত্তৰ পৰীক্ষাৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি সকলো কামকাজ সম্পন্ন কৰি বিমান যোগে মৃতদেহ অসমৰ চিৰাং জিলাৰ স্বগৃহত পঠিয়াই দিয়াৰ সকলো ব্যবস্থা কৰি দিছে বুলি জানিবলৈ দিছে। ইপিনে গণেশ ৰায়ৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত ছোট নীলিবাৰী গাঁৱৰ বাসগৃহত শোঁকৰ ছা পৰিছে।