/asomiyapratidin/media/media_files/2026/02/18/4-2026-02-18-09-44-41.jpg)
ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।মৃত যুৱকজন ধেমাজিৰ বিজয়পুৰ গাঁৱৰ সত্য শইকীয়া বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/18/whatsapp-image-202-2026-02-18-09-44-17.jpeg)
১৪ ফেব্ৰুৱাৰীত কেৰালালৈ কৰ্মসংস্থাপনৰ বাবে গৈছিল যুৱকজন। ইপিনে যুৱকজনক হত্যাৰ ভাবুকি প্ৰদান কৰাৰ কথা অৱগত কৰিছিল পৰিয়ালৰ লোকক। অন্ধ্রপ্রদেশৰ তেলানী জংচনৰ পৰা পৰিয়াললৈ অন্তিমটো ফোন কৰিছিল যুৱকজনে। পৰৱৰ্তী দিনা পুৱা পৰিয়ালে যুৱকজনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰে। কোনে কিয় হত্যা কৰিলে সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ত সকলো পোহৰলৈ আহিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us