/asomiyapratidin/media/media_files/2025/06/20/mur-mot-new-2025-06-20-09-32-50.jpg)
আজি ২০ জুন, বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। সকলো দিশতে ব্যুৎপত্তি থকা ৰাভা আছিল একেধাৰে গীতিকাৰ-সুৰকাৰ, গায়ক, অভিনেতা, ৰাজনীতিক, বিপ্লৱী ইত্যাদি বহু গুণৰ আকৰ। ৰাভাই য’তেই হাত বুলাইছিল সেয়াই হৈ পৰিছিল সোণসেৰীয়া। ৰাভাৰ আভাৰে উদ্ভাসিত হোৱাৰ আহ্বান জনাই আজিৰ এই দিনটোতে 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ 'মোৰ মত' শিতানত লেখিকা ৰুমী শৰ্মা বৰঠাকুৰৰ এই লেখা
অসমীয়া সংস্কৃতিৰ ধাৰক, বাহক, হালোৱা, হজুৱা, বনুৱা, দলিত, শোষিত আৰু নিপীড়িতজনৰ দুখত দুখী হৈ প্ৰথম অসমৰ কৃষকৰ হকে ৰঙা পতাকাৰ গান ৰচনা কৰাজন আছিল বিষ্ণুপ্ৰসাদ ৰাভা ৷ গতিকেই তেওঁ কলাগুৰু হৈও দেশহিতৈশী বিপ্লৱী শিল্পী আছিল ৷ সুন্দৰৰ পূজাৰী হৈও গণ সংস্কৃতিৰো পূজাৰী আছিল ৷
তেওঁ একেধাৰে গায়ক, বাদক, চিত্ৰকৰ, নৃত্যকৰ, অভিনেতা, খেলুৱৈ, নাট্যকাৰ, সুৰকাৰ,কবি তথা গীতিকাৰ ৷ উদাৰ অসমীয়াৰ জাতীয়তাবাদৰ প্ৰবক্তা সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল— “অসমীয়া কৃষ্টি সংস্কৃতি আৰু সভ্যতাৰ সচাকৈয়ে যিসকল ধাৰক- বাহক সেইসকলৰ পৰা যদি সেই অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ কিছু ধৰি ৰাখিব পাৰো, তেন্তে মোৰ টোপোলাতো হয়তো অসমীয়া ৰাইজৰ বাবে কিছু সমল থাকিব পাৰে আৰু ধ্বংসৰ মাজতো অসমীয়া কৃষ্টি সংস্কৃতি বাচিব পাৰে, এনে বলিষ্ঠ সংকল্প প্ৰাণত লৈয়ে অসমীয়া ৰাইজৰ মাজত জপিয়াই পৰো ৷” তেওঁৰ মানত ৰাইজেই গণদেৱতা ৷
তেওঁ আৰু কৈছিল- "যিসকল অসমীয়াৰ প্ৰাণস্বৰূপ, যিসকল অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক সেইসকল হালোৱা, হজুৱা, ৰণুৱা তলমজলীয়া, ৰাইজৰ ক্লিষ্ট, শোষিত, দলিত, নিষ্পেষিত আৰু নিপীড়িত ৷ এই ৰাইজৰ দুখত দুখী হৈ ৰাইজৰ হিয়াৰ মৰম-চেনেহৰ অথাই সাগৰৰ পানীত সাঁতুৰি নাদুৰি উথলি ফুৰিছিলো ৷”
আজিৰ মুক্ত অৰ্থনীতি গোলকীকৰণে গঢ়া সমাজ ব্যৱস্থাত এনে এজন দেশহিতৈশী বিচৰাও ভুল। অৱশ্যে এনে লোক পৰিস্থিতিয়েহে গঢ় দিয়ে ৷ তেওঁৰ দৰে একে চিন্তাৰ মানুহ অৱশ্যে বিৰল যদিও অনুগামী আজিও আছে বাবেই আজিও বিষ্ণুৰাভাৰ বিষয়ে ৰজাঘৰ/ প্ৰজাঘৰ সকলোতে চৰ্চা চলি আছে।
এখিনি মানুহৰ হৃদয়ত আজিও তেওঁ সজীৱ হৈ আছে। তেওঁ জনতাক ভালপোৱা বাবেই আৰু জনতাক সেৱা কৰিব জনা বাবেই পুৰণি সমাজ সলনি কৰি নতুন সমাজ প্ৰতিষ্ঠা কৰিবৰ বাবে এহাতে কলম আৰু আনহাতে বন্দুক তুলি শান্তি একতাৰ সপোন দেখিছিল।
তেওঁৰ আছিল বৈচিত্ৰময় জীৱন,বৰ্ণময় সত্ত্বাৰ গৰাকী,অসমীয়া জাতিৰ গৌৰৱ আৰু যাৰ হৃদয়ৰ প্ৰতি ৰন্ধ্ৰে ৰন্ধ্ৰে অসমৰ খাটিখোৱা কৃষক শ্ৰমিকৰ দুখ যন্ত্ৰণাই,সংগ্ৰামী বিষ্ণুৰাভাক আৰু বেচি সংগ্ৰামী কৰি তুলিছিল আৰু এই চিন্তাৰ প্ৰতিফলন ঘটিছে তেওঁৰ গীতত, তেওঁৰ কবিতাত, তেওঁৰ সমগ্ৰ জীৱন চৰ্চাত ৷ সমাজৰ নিপীড়িত-নিষ্পেষিত জনতাৰ বাবে আজীৱন সংগ্ৰাম কৰি অহা বিষ্ণুৰাভাই সমাজৰ পদদলিত অৱহেলিত নাৰী জাতিৰ অৱস্থা পৰিবৰ্ত্তনৰ প্ৰয়োজনীয়তা দাঙি ধৰিছিল ৷
তেওঁ নাৰীৰ অৱদমিত অৱস্থাৰ কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছিল ৷ এই শিল্পীগৰাকীৰ সামাজিক দায়বদ্ধতাৰ এক নিদৰ্শন 'নাৰীবাদী চিন্তাধাৰা '৷ এই নিদৰ্শন স্পষ্টভাবে ফুটি উঠিছে-জেক বেলডুইনৰ ’চীনে সমগ্ৰ বিশ্ব জোঁকাৰি কপায়' China shakes the World নামৰ ইংৰাজী পুথিখনৰ 'সোণপাহি 'The Golden Flower' নামৰ কাহিনী এটা তেওঁ গল্প আকাৰত লিখা এগৰাকী চীনা যুৱতীৰ কাহিনীটোত ৷
আজি আমি মাথো বিষ্ণুৰাভাক সোঁৱৰণ কৰিছো, তেওঁৰ গীত গাইছো, তেওঁৰ কথা কৈছো৷ তেওঁৰ চিন্তা বা কৰ্মৰাজি আন্তৰিকতাৰে অনুভৱ কৰিব নোৱাৰিলে প্ৰকৃত মানুহজনক সহজে বুজা অসম্ভৱ ৷ বুজিপোৱা হ’লে আমাৰ সামাজিক সাংস্কৃতিক দিশটো টনকিয়াল কৰি অৰ্থনৈতিক ভেঁটিটোও আমি প্ৰতিষ্ঠিত কৰিব পাৰিলোহেঁতেন !
অৱশ্যে যিকোনো সমাজৰ সামাজিক সাংস্কৃতিক দিশটো যেনেকৈ অৰ্থনৈতিক ভেঁটিৰ ওপৰত নিৰ্ভৰশীল অৰ্থনৈতিক ভেঁটিটোও সামাজিক সাংস্কৃতিক দিশটোৰ ওপৰত নিৰ্ভৰশীল ৷ সেয়েহে নিশ্চয় বিষ্ণু ৰাভাই বৰ্ত্তমান ভাগ ভাগ হোৱা অসমখনিক লৈ তাহানিতে বৰঅসমৰ সপোন দেখিছিল আৰু কৃষি নিৰ্ভৰশীল অসমৰ কৃষ্টি সংস্কৃতিৰ বহল পথাৰখনতে অসমৰ অৰ্থনীতিৰ ভেঁটিৰ ভৱিষ্যত আশা কৰি তেওঁ কৃষকসকলক সংগঠিত কৰাৰ মানসেৰে গীত লিখিছিল ৷
কিন্তু সেই সপোন সপোন হৈয়ে ৰ’ল ৷ কবিৰ ভাষাত সেয়ে ক’ব বিচাৰো- “যি সপোনৰ বাবে তেওঁৰ এক সমৰ্পিত প্ৰাণ আজিও সি আছে সপোন হৈ মৃত নিহত লোকৰ সপোন ” (এজন কৃষ্ণাংগ কবিৰ কবিতাৰ পংক্তি ) ।