শ্ৰী শ্ৰী ৰবিশংকৰৰ "সোমনাথ জ্যোতিৰ্লিংগ ভাৰত যাত্ৰা ২০২৫"

সোমনাথ জ্যোতিৰ্লিংগৰ কাহিনী হৈছে ভাৰতৰ আত্মাৰ কাহিনী। ই বিশ্বাস, ধ্বংস, ত্যাগ আৰু অপূৰ্ব পুনর্জন্মৰ এক আশ্চৰ্য্যকৰ যাত্ৰাৰ কাহিনী....

author-image
Asomiya Pratidin
New Update
MUR MOT (1)

শ্ৰী শ্ৰী ৰবিশংকৰৰ সোমনাথ জ্যোতিৰ্লিংগ ভাৰত যাত্ৰা ২০২৫ অসমত উপস্থিত হৈছে। সকলো ভক্তৰ বাবে মুকলি সমুহিক ৰুদ্ৰ পূজা আৰু দৰ্শনলৈ ৰাইজক আমন্ত্ৰণ জনাইছে উদ্যাক্তাই। সোমবাৰে সন্ধিয়া ৫:০০ বজাৰ পৰা পাণ্ডু আশ্ৰমত আয়োজন হব এই সমুহিক ৰুদ্ৰ পূজা। এই পবিত্ৰক্ষণত সোমনাথ জ্যোতিৰ্লিংগৰ দিব্য পুনৰুত্থান সন্দৰ্ভত লেখক, অনুবাদক ৰবীন বৰুৱাৰ অনুদিত এই লেখা আজিৰ মোৰ মত শিতানত আগবঢ়োৱা হৈছে।

সোমনাথ জ্যোতিৰ্লিংগৰ কাহিনী হৈছে ভাৰতৰ আত্মাৰ কাহিনী। ই বিশ্বাস, ধ্বংস, ত্যাগ আৰু অপূৰ্ব পুনর্জন্মৰ এক আশ্চৰ্য্যকৰ যাত্ৰাৰ কাহিনী। মাহমুদ গজনীয়ে ১০২৫ চনত তেওঁৰ ১৬তম ভাৰত আক্ৰমণৰ সময়ত গুজৰাটৰ পবিত্ৰ সোমনাথ মন্দিৰ আক্রমণ কৰিছিল। তেওঁৰ উদ্দেশ্য কেৱল মন্দিৰৰ অপাৰ সম্পদ লুট কৰাই নহয়, হিন্দু ধৰ্মৰ আধ্যাত্মিক শক্তিকো দুর্বল কৰা। 

আল-বিৰুনী আৰু পিছৰ পাৰ্চী ইতিহাসবিদসকলে উল্লেখ কৰা মতে, সেই সময়ত সহস্ৰাধিক তীৰ্থযাত্রীক হত্যা কৰা হৈছিল, মন্দিৰবোৰত জুই জ্বলাই ছাৰখাৰ কৰি দিয়া হৈছিল আৰু প্ৰাচীন শিৱ-লিংগবোৰো ভাঙি দিয়া হৈছিল। কিন্তু আক্রমণকাৰীয়ে ধ্বংস কৰিব নোৱাৰা সম্পদ আছিল — হিন্দুৰ ভক্তি।

সেই অশান্তি আৰু ৰক্তপাতৰ মাজতো সাহসী পুৰোহিত আৰু অগ্নিহোত্রী পৰিয়ালসমূহে নিজৰ জীৱন বিপন্ন কৰি হ’লেও প্ৰাচীন সোমনাথ জ্যোতিৰ্লিঙ্গৰ টুকুৰাবোৰ অতি সংগোপনে সংৰক্ষণ কৰি ৰাখিছিল। এই পবিত্ৰ অৱশিষ্টসমূহ প্ৰায় ১০০০ বছৰ ধৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ধর্মৰ গুপ্ত জ্যোতিৰ দৰে অতি শ্ৰদ্ধা আৰু গভীৰ ভক্তিৰে সংৰক্ষণ কৰি ৰখা হৈছিল আৰু এতিয়া, এটা সহস্ৰাব্দৰ পিছত সেই দিৱ্যজ্যোতি পুনৰ প্ৰকাশ পাইছে।

গুৰুদেৱ শ্ৰী শ্ৰীৰবি শংকৰ — এই পবিত্ৰ মুহূর্তৰ দিশদৰ্শক
গুৰুদেৱে প্ৰকৃত জ্যোতিৰ্লিংগৰ পুনৰাবিষ্কাৰৰ বিষয়ে বাখ্যা কৰি কৈছে —
•    এয়া আমাৰ সময়ৰ এক অলৌকিক ঘটনা
•    ভাৰতৰ বাবে এটা গৌৰৱৰ মুহূর্ত
•    ভাৰতবৰ্ষত ধৰ্ম পুনৰুত্থানৰ এক শক্তিশালী সংকেত
তেওঁ কয় —ৰাম মন্দিৰ প্ৰতিষ্ঠা আদি আধ্যাত্মিক ঘটনাসমূহৰ সময়তে এই পুনৰাবিষ্কাৰ হোৱাটো ভাৰতীয় প্ৰাচীন পৰম্পৰাৰ নতুন জাগৰণৰ এক চিহ্ন। বিজ্ঞানীসকলেও এই পাথৰৰ শক্তিশালী চুম্বক ক্ষেত্ৰ লক্ষ্য কৰিছে। কিছুমানৰ মতে ইয়াৰ উৎস হয়তো পৃথিৱীৰ বাহিৰৰ — যি বৈজ্ঞানিক ৰহস্যই ইয়াৰ আধ্যাত্মিক মাহাত্ম্যকো অধিক গভীৰ কৰি তুলিছে। যিসকল অগ্নিহোত্ৰী পৰিয়ালে শতিকা শতিকা ধৰি বিভিন্ন বিপদ সংকুলতাৰ মাজতো এই অৱশিষ্টসমূহক সজীৱ কৰি ৰাখিছিল, সেই অগ্নিহোত্রী পৰিয়ালসমূহৰ অটল ভক্তিৰ কথাও গুৰুদেৱে স্মৰণ কৰি কয় যে এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে আস্থাৰ শক্তি ভয়তকৈ বহু বেছি। ২০২৫ চনৰ আৰম্ভণিতে গুৰুদেৱে প্ৰথমবাৰৰ বাবে এই টুকুৰাবোৰ পৱিত্ৰতা প্ৰতিষ্ঠা কৰে — আৰু সেই মুহূৰ্তটো এক প্ৰবল আধ্যাত্মিক জাগৰণৰ মুহূর্ত হিচাপে চিহ্নিত হৈ ৰ’ব।

দেশজুৰি এক পবিত্ৰ যাত্ৰা
এই ঐতিহাসিক পুনৰাবিষ্কাৰৰ সন্মানাৰ্থে সোমনাথ জ্যোতিৰ্লিংগৰ পবিত্ৰ অৱশিষ্টসমূহ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ ভ্ৰমণ কৰোৱা হৈছে। ই কেৱল এক যাত্ৰা বা ভ্ৰমণ নহয় — ই হৈছে ধৰ্মৰ পুনৰ্জাগৰণ, আমাৰ সভ্যতাৰ মূলৰ সৈতে পুনঃ সংযোগৰ আহ্বান। এই অৰ্চনা ১২খন জ্যোতিৰ্লিঙ্গ তীৰ্থক্ষেত্ৰলৈ লৈ যোৱা হ’ব, যাতে সমগ্ৰ ভাৰতৰ প্ৰতিটো কোণৰ মানুহে দৰ্শন কৰিব পাৰিব। হাজাৰ বছৰৰ মূৰত এনে সুবিধা কেৱল মাত্ৰ এবাৰহে লাভ কৰিব পাৰি। এই দিব্য দৰ্শনৰ বাবে পৰবৰ্তী পবিত্ৰ গন্তব্য হৈছে — অসম আৰু উত্তৰ পূৰ্বাঞ্চল, য’ত হাজাৰ হাজাৰ ভক্তই এই দৰ্শনৰ বাবে অপেক্ষাৰত হৈ আছে।

এই মুহূৰ্ত — অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বন্ধন
সোমনাথ জ্যোতিৰ্লিঙ্গৰ পবিত্ৰ অংশসমূহ হাজাৰ বছৰৰ পিছত পুনৰ প্ৰকাশিত হোৱাটোৱে কেৱল মাত্ৰ ইতিহাসেই নহয়, ভক্তিৰ বিষয়েও মনত পেলাই দিয়ে। এই পুনৰুত্থানে আমাৰ মাজত এই বিশ্বাসকে জগাই তুলিব পাৰে যে প্ৰতিটো প্ৰচণ্ড ধুমুহাৰ মাজতো ধৰ্মৰ নীতি পুনঃ পুনঃ জাগ্ৰত হৈ উঠে আৰু ভাৰতবৰ্ষৰ আধ্যাত্মিক হৃদয় সদায়ে অমৰ হৈ আছে। সোমনাথ জ্যোতিৰ্লিংগৰ এই পবিত্ৰ যাত্ৰাই প্ৰত্যেকৰে হৃদয়তে যেন ভক্তি, শক্তি আৰু ঈশ্বৰৰ কৃপা ভৰাই দিয়ে। আমাৰ সকলোকে ঐক্য, শান্তি আৰু আধ্যাত্মিক জাগৰণৰ বাবে যেন মহাদেৱে দিশ দৰ্শন কৰি আশীৰ্বাদ প্ৰদান কৰে।

সোমনাথ