সঁচা অৰ্থত আমি ছহিদৰ ত্যাগৰ মৰ্যাদা দিব পাৰিছোনে ?

আজি ১০ ডিচেম্বৰ, পবিত্ৰ ছহিদ দিৱস। অসমক বিদেশী অনুপ্ৰবেশকাৰী আৰু বহিৰাগতৰ আগ্ৰাসনৰ পৰা মুক্ত কৰা বাবে গঢ় লৈ উঠা ঐতিহাসিক অসম আন্দোলনত স্বদেশ স্বজাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে তেজ দি আত্মবলিদান দিয়া বীৰ ছহিদসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। 

author-image
Asomiya Pratidin
New Update
MUR MOT (2)

আজি ৰাজ্যজুৰি পালন কৰা হৈছে ছহিদ দিৱস। বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ উদ্যোগত পালন কৰা হৈছে এই ছহিদ দিৱস। ছহিদ দিৱসক লৈ ৰাজ্য চৰকাৰে দেখুওৱা এনে আন্তৰিকতাৰ বাবে বিভিন্ন দল- সংগঠনে শলাগ ল’লেও তাৰ মাজতে একাংশই এই ছহিদ দিৱসক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৰাজ্য চৰকাৰে আয়োজন কৰা ছহিদ দিৱসক লৈ ‘অসমীয়া প্ৰতিদিন’ৰ ‘মোৰ মত’ শিতানত এটি লেখা লিখিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে। তেওঁৰ লেখাটো হুবহু প্ৰকাশ কৰা হ’ল-

আজি ১০ ডিচেম্বৰ, পবিত্ৰ ছহিদ দিৱস। অসমক বিদেশী অনুপ্ৰবেশকাৰী আৰু বহিৰাগতৰ আগ্ৰাসনৰ পৰা মুক্ত কৰা বাবে গঢ় লৈ উঠা ঐতিহাসিক অসম আন্দোলনত স্বদেশ স্বজাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে তেজ দি আত্মবলিদান দিয়া বীৰ ছহিদসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। 

অসমৰ ৰাইজৰ লগতে এইবাৰ অসম চৰকাৰৰ উদ্যোগতো ৰাজ্যজুৰি ছহিদ দিৱস পালন কৰা দেখিছোঁ। ই ভাল কথা, আমি তাক আদৰণি জনাইছোঁ। অসম আন্দোলনৰ শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত গুৱাহাটীত এখন সুবিশাল শ্বহীদ স্মৃতি স্থলী নিৰ্মাণ কৰা হৈছে, সেয়া আদৰণীয় আৰু মহান পদক্ষেপ। 

কিন্তু আজিৰ দিনটোত মনলৈ কিছু প্ৰশ্ন আহিছে। সঁচা অৰ্থত আমি ছহিদৰ ত্যাগৰ মৰ্যাদা দিব পাৰিছোনে ? ক্ৰমাৎ ছহিদ দিৱসটো এক গতানুগতিক আয়োজন হৈ পৰিছে নেকি? বিদেশীমুক্ত অসমৰ হকে নিজৰ চৰম ত্যাগ কৰা ৮৬০ গৰাকী মহান ছহিদৰ ত্যাগক ভেঙুচালি কৰি ২০১৯ চনৰ ৯ ডিচেম্বৰ অৰ্থাৎ ছহিদ দিৱসৰ প্ৰাক সন্ধ্যা বিদেশীক নাগৰিকত্ব দিবলৈ কেব বিলখন লোকসভাত আ ৰু ১১ ডিচেম্বৰত ৰাজ্যসভাত গৃহীত কৰা সকলৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি দৰাচলতে আনুষ্ঠানিকতা বা ৰাজনৈতিক কুচকাৱাজ হৈ পৰা নাইনে ? 

২০১৯ চনৰ ৯ ডিচেম্বৰ তাৰিখে নাগৰিকত্ব সংশোধনী আইন গৃহীত লোকসভাত গৃহীত কৰি অসমত বিদেশী লোকক সংস্থাপন কৰাৰ বাবে ছহিদৰ ত্যাগৰ প্ৰতি ভেঙুচালি কৰি জাপি দিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰ্বস্তৰৰ অসমীয়া ৰাইজৰ প্ৰতিবাদক মষিমূৰ কৰিবলৈ দমন নিপীড়ন চলোৱা এইখন চৰকাৰেই ৫ জনকৈ তেজাল অসমীয়া ডেকাক হত্যা কৰিছিল। হত্যা, উৎপীড়ন, দমনমূলক নীতিৰে চৰকাৰে বিদেশী লোকক সংস্থাপন কৰাৰ বাবে অৱশেষত অসমবাসীৰ মতামতৰ বিৰুদ্ধে গৈ "কা" জাপি দিছিল। 

জনজাতীয় ৰাজ্য আৰু অসমৰ ষষ্ঠ অনুসূচীৰ জিলাৰ বাবে বিপদজনক এই আইনখন আকৌ অসমৰ সাধাৰণ অঞ্চলৰ বাবে হেনো বিপদজনক নহয়। ই কেনে যুক্তি। অসম আন্দোলনৰ ফল অসম চুক্তিৰ আজিলৈ ৰূপায়ন নহ’ল। 

বৰং অসম চুক্তিৰ বিৰুদ্ধে গৈ বহু অসম বিৰোধী বহু পদক্ষেপ পূৰ্বৰ চৰকাৰৰ লগতে বৰ্তমানৰ চৰকাৰেও গ্ৰহন কৰিলে। আৰু পৰিতাপৰ কথাটো হৈছে "কা" বিৰোধী গণ আন্দোলনত আত্মবলিদান দিয়া ৫ গৰাকী তেজাল অসমীয়া চৰকাৰে ছহিদ ঘোষণা নকৰিলে। 

দৰাচলতে কা বিৰোধী গণ আন্দোলনটোও জানো অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰিত অসম চুক্তিৰ প্ৰকৃতাৰ্থত ৰূপায়ন আৰু অসম অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে নাছিল জানো? এহাতে বিদেশীক বৰ পীৰা, ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ সঁচা অৰ্থত উন্নীতকৰণৰ প্ৰতি চৰম অনীহা, অসম চুক্তিৰ প্ৰতি ভেঙুচালি আৰু আনহাতেদি ছহিদ দিৱস পালনৰ নামত ৰাজনৈতিক কুচকাৱাজ। 

এয়া চৰকাৰৰ পৰষ্পৰবিৰোধী স্থিতিৰেই পৰিচায়ক । অসমৰ ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখনে অসমৰ ৰাইজৰ স্বাৰ্থত স্থিতি গ্ৰহণ কৰক। সাহসেৰে কেন্দ্ৰক অসমৰ ৰাইজৰ স্থিতি জনাই দিয়ক আৰু অনতিপলমে "কা" বাতিলৰ ব্যৱস্থা কৰক। "কা" বিৰোধী গণ আন্দোলনত প্ৰাণ আহুতি দিয়া পাঁচগৰাকী ছহিদক চৰকাৰে ছহিদৰ হিচাপে ঘোষণা কৰক। "কা" বাতিল কৰি অসমৰ পৰা সকলো বিদেশী বিতাড়ন কৰিলেহে ছহিদক জনোৱা হ’ব প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

পলাশ চাংমাই ছহিদ দিৱস