/asomiyapratidin/media/media_files/2025/09/01/mur-mot-new-g-2025-09-01-16-18-33.png)
অসমৰ নাট্য আন্দোলনৰ এগৰাকী অন্যতম কাণ্ডাৰী স্বনামধন্য নাট্যকাৰ, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি , আমাৰ অতি শ্ৰদ্ধাৰ স্বনামধন্য মহেন্দ্ৰ বৰঠাকুৰদেৱৰ আজি পবিত্ৰ ওপজা দিন ৷ আজিৰ এই বিশেষ দিনটোত তেখেতৰ পবিত্ৰ স্মৃতিত ‘অসমীয়া প্ৰতিদিন ডিজিটেল’ৰ ‘মোৰ মত’ শিতানত কুমাৰ দীপক দাসে এটি লেখাৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নমস্য ব্যক্তিগৰাকীক সুঁৱৰিছে ৷
মহেন্দ্ৰ বৰঠাকুৰদেৱে ১৯৫৭ চনতেই সহকাৰী প্ৰধান শিক্ষক হিচাপে কৰ্ম জীৱনৰ আৰম্ভণি কৰিছিল। ১৯৬৭ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত সহকাৰী সম্পাদক (পাণ্ডুলিপি) হিচাপে যোগদান কৰিছিল আৰু পাছত নাট্য-প্ৰযোজক, সহকাৰী কেন্দ্ৰ সঞ্চালক, কলিকতা আৰু উত্তৰ-পূৰ্বাঞ্চল উপ-সঞ্চালক প্ৰধানৰ কাৰ্যালয় আৰু গুৱাহাটীত কাৰ্যনিবাহ কৰিছিল।
১৯৯৩ চনত তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। এই মহান নাট্যকাৰগৰাকীয়ে গভীৰ সমালোচনাৰে উত্থাপিত কৰি ’অসমত নাটক এলাগি সাহিত্য’ বুলি কোৱা কথাষাৰ আজিকোপতি অসমৰ সাহিত্য বিচাৰক পণ্ডিতসকলে গুৰুত্ব নিদিলে। দুখ আৰু পৰিতাপৰ বিষয়টো এই যে, এইবাবেই সমগ্ৰ ভাৰতৰ ভিতৰত কেৱল অসমে এখন ৰাজ্য য’ত বহু মূল্যবান নাট সৃষ্টি হোৱাৰ পিছতো অসমৰ এখনো নাটক সাহিত্য অকাডেমি বঁটা পোৱাৰ যোগ্যতা পাবলৈ সক্ষম হোৱা নাই ৷
মহেন্দ্ৰ বৰঠাকুৰদেৱ একাধাৰে এগৰাকী কৃতি শিক্ষক, নাট্যকাৰ, নাট্য-প্ৰযোজক, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সহকাৰী সঞ্চালক আছিল। তেখেত বিশেষভাৱে সমাদৃত হৈছিল এগৰাকী জনপ্ৰিয় নাট্যকাৰ হিচাপে।
তেওঁ অসম নাট্য সন্মিলনৰ সভাপতি হিচাপে (২০০১-২০০৩) কৃতিত্বৰে দায়িত্ব সম্পন্ন কৰিছিল ৷ তেখেতে অসমৰ নাট্যজগতৰ উপৰিও অসমীয়া বোলছবি জগততো বিশিষ্ট অৰিহনাৰে এই শিল্পক জাতিষ্কাৰ কৰি তুলিছিল ।
তেখেতক ১৯৮৯ চনত অসমৰ শ্ৰেষ্ঠ ভ্ৰাম্যমাণ নাটক বঁটা তেখেতৰ অন্যতম নাট 'মুখ্যমন্ত্ৰী' নাটকখনিৰ বাবে প্ৰদান কৰা হৈছিল। আৰু ২০০১ চনত তেওঁ ’অসম শিল্পী দিৱস বঁটা’ৰে সন্মানিত হৈছিল।
অসম নাট্য সন্মিলনে প্ৰতি বছৰে এই গৰাকী বিশিষ্ট নাট্যকাৰক সুঁৱৰি মহেন্দ্ৰ বৰঠাকুৰ স্মাৰক বক্তৃতাৰ আয়োজন কৰি আহিছে ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰদ্বাৰা প্ৰচাৰিত ব্যংগাত্মক অনুষ্ঠান 'নোকোৱাই ভাল'ৰ জৰিয়তে এসময়ত মহেন্দ্ৰ বৰঠাকুদেৱ অতি জনপ্ৰিয় হৈ পৰিছিল।
১৯৪৭ চনতেই মহেন্দ্ৰ বৰঠাকুৰদেৱে হাইস্কুলীয়া শিক্ষা লাভ কৰা সময়তে 'লাচিত বৰফুকন' নামৰ এখন নাটক লিখিছিল। বৰঠাকুৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'কাবুলীৱালা' গল্পৰ আধাৰত এখন একাংকিকা, কলেজীয়া ছাত্ৰাৱস্থাত 'মকৰাজাল' নামৰ আন এখন একাংকিকা নাটক লিখিছিল।
১৯৭১ চনত জন্ম নামৰ এখন নাটক লিখি উলিয়ায়। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ 'ৰঙিলী' উপন্যাসখনি অনাতাঁৰ অভিযোজনাৰে তেখেতে আকাশবাণীৰ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।
তেখেতে হাস্য-ব্যংগৰ মৃদু মৃদু অস্ত্ৰেৰে সামাজিক, ৰাজনৈতিক অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক বিশেষ কৃতিত্বৰ পৰিচয় দি আহিছে। ১৯৮১ চনত 'শিমলু চন্দন' নাটকৰ মাজেৰে তেখেতে ভ্ৰাম্যমাণৰ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।
সমাজ জীৱনৰ সংঘাত, ব্যক্তি আৰু সমাজৰ দ্বন্দ্ব, পাৰিবাৰিক সমস্যা, নতুন আৰু পুৰণিৰ সংঘাত, পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শনেৰে যুক্তিনিষ্ঠ সহাকাৰে বৰঠাকুৰদেৱে বিভিন্ন নাটক লিখি নাট্যজগত জিলিকাই গৈছে। স্বৰচিত কাহিনীৰ উপৰিও বিশ্ববিখ্যাত উপন্যাস, ঘটনা, চৰিত্ৰসমূহক লৈ নাট ৰচনা কৰি তেখেতে অসমীয়া নাট্য সাহিত্যক এক নতুন গতি প্ৰদান কৰিলে।
'আজলী নবৌ' আৰু 'ককাদেউতা নাতি আৰু হাতী'কে মুখ্য কৰি কেইবাখনো অসমীয়া বোলছবিৰ চিত্ৰনাট্য-সংলাপ মহেন্দ্ৰ বৰঠাকুৰদেৱে লিখিছিল। বোলছবি 'আজলী নবৌ'ৰ দৰে নাটকখনতো মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ইলা কাকতিয়ে।
বিশ্বখ্যাত নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰৰ যাউতীযুগীয়া সৃষ্টি 'হেমলেট' আৰু 'অথেল’' নামৰ নাটক দুখনৰো নাট্যৰূপ দিছিল মহেন্দ্ৰ বৰঠাকুৰে। জাহ্নু বৰুৱাৰ অসমীয়া ছবি 'সাগৰলৈ বহু দূৰ'ৰ নাম একে ৰাখি তেওঁ সেইখনো নাটক হিচাপে মঞ্চস্থ কৰোৱাইছিল।
হোমেন বৰগোহাঞিৰ বহুপঠিত উপন্যাস 'হালধীয়া চৰায়ে বাওধান খায়'কো মহেন্দ্ৰ বৰঠাকুৰে নাট্যৰূপ দিছিল। সাংবাদিক পৰাগ কুমাৰ দাসৰ 'ছাংলট ফেন্লা'খন তেওঁ হেঙুল থিয়েটাৰত ১৯৯৬-৯৭ চনত মঞ্চস্থ কৰিছিল।
বৰঠাকুৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে লিখা নাটসমূহ হৈছে- শিমলুচন্দন, বন্দীনী, এই মাটিতে, শৰাগুৰিৰ চাপৰি, বাঘ হাজৰিকা, আইৰ চকুলো, বিলকিচ বেগম, অসতী কন্যা, দধীচি, ৰজা হৰিচন্দ্ৰ, হালধীয়া চৰায়ে বাওধান খায়, মোৰ আই, বেয়া মানুহ, গোসাঁনী, অমানুহ, মকৰাজাল, মানুহ, মুখ্যমন্ত্ৰী, ভাল মানুহ, অৱতাৰ, পুতলা নাট, সম্ৰাট আৰু সুন্দৰী, কামৰূপ কামাখ্যা, পগলা চহাব, পাখিত জুই, প্ৰিয়া আৰু পুলিচ, প্ৰাৰ্থনা, কলংকিনী সতী, মহাত্মা, পিতামহ, বলিয়া হাতী, তাৰ্জান তাৰ্জান, তেজলগা বাট, যদুবংশ, তেজাল ঘোঁৰা, নৰক বন্দনা, আজলী নবৌ, নেদেখা নদীৰ ঘাট, বেনহুৰ, ডেকা হাকিম, মাতৃহত্যা পৰশুৰাম, চাহাব দাদা, ৰজাৰো ৰজা, হেমলেট, ৰাতিৰ জুই, অপহৰণ, বালিঘৰৰ আলহী, পোহৰৰ ছাঁ, হে মহানগৰ, মহাবীৰ চিলাৰায়, মাজ নিশাৰ চিঞৰ, ডাইনীৰ প্ৰেম, অগ্নিক্ষণ, আধাৰশিলা, অতিথি, জুয়ে পোৰা মানুহ, সমদল, সাগৰৈ বহুদূৰ, পুৰুষ, বলিয়া গোসাঁই, ছাংলট ফেনলা, কুৰুক্ষেত্ৰ, কাৰাগাৰৰ বাঘ, শিকলি, পঁজাঘৰৰ ৰজা, বনকুঁৱৰী, প্ৰতীক্ষা, অচল সুঁতি, প্ৰেতাত্মা, অৰুণ-তৰুণ, অধঃপতন, ছাঁ, বিষ্ণুপ্ৰসাদ আৰু মুখাৰ মুখ।
অসমত নাটক এলাগী সাহিত্য
দুখ আৰু পৰতাপেৰে এই কথা উল্লেখ কৰিব বিচাৰো যে, এই গৰাকী অসমৰ নাট্য আন্দোলনৰ পুৰোধা মহেন্দ্ৰ বৰঠাকুৰদেৱ তেখেতৰ জীৱন কালত ক্ষোভেৰে কৈছিল যে , অসমত নাটক এলাগী সাহিত্য ৷ অসমৰ সাহিত্য কাণ্ডাৰী যি সকলে অসমীয়া সাহিত্যক সাহিত্য অকাডেমিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া সাহিত্যৰ বিচাৰ আৰু স্বীকৃতি প্ৰদান কৰি আহিছে , সেই সকলে অসমীয়া নাটকক এলাগী সাহিত্য হিচাপে গণ্য কৰি আহিছে ৷ অথচ কোৱা হয় -কাব্যেসু নাটকম ৰম্যম ৷
সেই কাৰণে বহু যুগজয়ী নাটক সৃষ্টি হোৱৰা পিচতো আজিকোপতি কোনো এখন নাটকে সাহিত্য অকাডেমী বঁটা পাবলৈ সক্ষম নহ’ল ৷ সেইবাবে বিশিষ্ট্য নাট্যকাৰ অৰুণ শৰ্মাদেৱে তেওঁৰ উপন্যাস এখনৰ বাবে সাহিত্য অকাডেমী বঁটা দিয়াত আপচোচ কৰি ব্যক্ত কৰিছিল যে, তেওঁক নাটকৰ বাবে এই বঁটা দিলে অতি সুখ অনুভৱ কৰিলেহেতেন ৷ শেষত তেখেতলৈ পুনৰ ওপজা দিনৰ এই পূণ্য দিনটোত আমাৰ হিয়াভৰা শত শত শ্ৰদ্ধাঞ্জলি যাচিলোঁ ৷ (তথ্য সংগৃহীত)