/asomiyapratidin/media/media_files/2025/09/03/mur-mot-new-3-2025-09-03-13-35-48.jpg)
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ বহু গীতৰ মাজৰ এটি বিখ্যাত গীত হৈছে- 'তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ / এপাহী ৰজনীগন্ধা শীৰ্ষক গীতটি। সুধাকন্ঠৰ এই বিখ্যাত গীতটি সৃষ্টিৰ অন্তৰালৰ কিছু কথা অসমীয়া প্ৰতিদিনৰ মোৰ মত শিতানত ব্যক্ত কৰিছে কুমাৰ দীপক দাসে...
আমাৰ বহুতৰে ধাৰণা যে , নাৰী জীৱনক লৈ ভূপেন হাজৰিকাই এক অন্তৰস্পৰ্শী ধাৰণাৰে ‘ তুমি বিয়াৰ নিশাৰ …এই গীতটিৰ সৃষ্টি কৰিছিল ৷ এই গীতটিৰ কথা আৰু সুৰ অতি জনপ্ৰিয় আছিল ৷
বোধকৰো সত্তৰৰ দশকৰ শেষৰ ফালে বিখ্যাত গজল গায়ক গোলাম আলি চাহাবে গুৱাহাটীলৈ প্ৰথমবাৰলৈ আহি নেহৰু স্টেডিয়ামত এক গজল সন্ধিয়াত অংশগ্ৰহন কৰিছিল ৷ সেই সন্ধিয়াত ভূপেনদাই শিকাই দিয়া মতে এই গীতটো অতি সুললিত কন্ঠেৰে গোলাম আলিয়ে নিজস্ব গজল ষ্টাইলত যেতিয়া পৰিবেশন কৰছিল তেতিয়া এনেহেন লাগিছিল যেন গীতটিৰ আদৰ আৰু জনপ্ৰিয়তা আৰু এখোপ বৃদ্ধি পাইছে ৷
দৰাচলতে কোনো নাৰী জীৱনক কেন্দ্ৰ কৰি এই গীতটোৰ সৃষ্টি হোৱা নাছিল । যোৱা শতিকাৰ সত্তৰৰ দশকৰ আৰম্ভনী দিনৰ এটি কাহিনী ৷
যোৰহাট তৰাজানত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত ড° ভূপেন হাজৰিকা নিমন্ত্ৰিত হৈছিল ৷ সেই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল প্ৰখ্যাত ঢোলৰ যাদুকৰ মঘাই ওজাৰ ঢোলবাদন ৷
দুয়োজন গণশিল্পীয়ে সেইদিনা একেখন মঞ্চত অনুষ্ঠান পৰিবেশনৰ দৃশ্য আছিল এক বিৰল অভিজ্ঞতা। মঘাই ওজাৰ ঢোলবাদনে সেইদিনা ভূপেন হাজৰিকাদেৱকো তবধ মনাইছিল ।
এই অনুষ্ঠানৰ বহুপৰ পিচত ভূপেন হাজৰিকাই মঞ্চত নিজৰ অনুষ্ঠান আৰম্ভ কৰিলে ৷ সাংস্কৃতিক অনুষ্ঠান শেষ হ’ল পুৱতি নিশা চাৰে তিনি বজাত। সকলো ঘৰাঘৰি গ’লগৈ । নিজম পৰিল বিহুতলী ।
সেইদিনা ড০ ভূপেন হাজৰিকাদেৱক বিহুতলীৰ ওচৰতে থকা প্ৰখ্যাত চাহ খেতিয়ক বিভুচৰণ বৰুৱাৰ ঘৰৰ অতিথি হিচাপে ৰখা হৈছিল ৷ সেইমতে ভূপেন হাজৰিকাদেৱক বৰুৱাৰ ঘৰলৈ লৈ যোৱা হৈছিল ।
ৰাতিপুৱা জলপান খাবলৈ বহোতেই কিবা মনত পৰি হাজৰিকাদেৱ খোৱাৰ টেবুলৰ পৰা উঠি চোতাল পালে আৰু ড্ৰাইভাৰক গাড়ী পুনৰ বিহুতলীলৈ লৈ যাবলৈ ক’লে। বিহুতলীত উপস্থিত হৈ তেওঁ নিজম পৰা বিহুতলীত মাইকমেন সহ এজন লোক দেখা পালে ।
ভূপেন হাজৰিকাদেৱে সেই মূহুৰ্তত বিহু পেন্দেলৰ চাৰিওফালে বিচাৰি চলাথ কৰি থকা দৃশ্য দেখি মাইকমেনজন ওচৰ চাপি আহি সুধিলে , দাদা কি বিচাৰিছে । আপোনাৰ কিবা বস্তু হেৰাল নেকি ?
মাইকমেনজনক তেতিয়া হাজৰিকাদেৱে অতি বিনয়েৰে ক’লে মই মঘাই ওজাক বিচাৰিছো । ফাংচনৰ পিছত তেওঁ ক’লৈ গ’ল মই গম নাপালো । মাইকমেনজনে তেতিয়া মঘাই ওজাক দেখুৱাই দিলেগৈ ।
বিহু মঞ্চৰ দুখন মান কাপোৰ গাত মেৰিয়াই পালি দুজনৰ সৈতে মঞ্চৰ এচুকত মঘাই ওজা মহৰ কামোৰ খাই মাটিত শুই আছে । হাজৰিকাদেৱৰ সেই দৃশ্য দেখি অন্তৰ দুখত ভাগি পৰিল ।
তেওঁ ততালিকে ওজাক উঠালে আৰু নিজৰ গাড়ীৰে মঘাই ওজাক হাতীগড় নাওশলীয়া গাঁৱৰ ঘৰত থৈ আহিছিল । এজন গাৱলীয়া চহা লোকশিল্পীৰ এই অৱস্থাই হাজৰিকাদেৱক তীব্ৰভাৱে ক্ষোভিত কৰি তুলিলে।
বিহু সমিতিখনৰ দায়িত্ব আছিল ওজাদেৱৰ দৰে এগৰাকী বিশিষ্ট শিল্পীক স-সন্মানেৰে অহা-যোৱাৰ ব্যৱস্থা কৰাটো । কিন্ত চহা ঢুলীয়া শিল্পী হোৱাৰ বাবেই মঘাই ওজাক অৱজ্ঞা আৰু অৱহেলা কৰা হৈছে ।
এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰি মঘাই ওজাৰ ঘৰৰ পৰা উভতি যাওতেই ‘তুমি বিয়াৰ নিশাৰ …..এই বিখ্যাত গীতটিৰ সৃষ্টি কৰিছিল ।
আমাৰ সমাজত থকা এনেধৰণৰ বৈষম্যৰ বিৰুদ্ধে বিশ্ববৰেণ্য শিল্পীগৰাকীয়ে এই বিশেষ গীতটি ৰচনা কৰিছিল আৰু চিৰযুগমীয়া এই গীতটি সেয়েহে অতি বৈশিষ্টপূৰ্ণ । ড° ভূপেন হাজৰিকাদেৱৰ তীব্ৰ প্ৰতিবাদী এনে অন্য এটি গীত হৈছে ’মদাৰৰে ফুল হেনো …. ’ ৷