/asomiyapratidin/media/media_files/2025/09/19/whatsapp-im-2025-09-19-21-28-09.jpeg)
অসম তথা অসমবাসীৰ বাবে এটা অভিশপ্ত দিন ১৯ ছেপ্তেম্বৰ ২০২৫। অসমৰ আকাশৰ হঠাতে খহি পৰিল অসমীয়াৰ হিয়াৰ আঁমঠু জুবিন গাৰ্গ নামৰ নক্ষত্ৰটি। কোনেও মানি ল'ব পৰা নাই জুবিন গাৰ্গ যে এই ধৰাত নাই। বহুজনে বহু মত দিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ। পেৰাগ্লাইডিং, স্কোবা ড্ৰাইভ আদি বিভিন্ন কাৰণত প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। এনে সময়তে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'মোৰ মত'ত এটি লেখা লিখিছে শিক্ষাবিদ দিনেশ দাসে...
জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ ছিংগাপুৰ পুলিচৰ পৰা পোনে পোনে জানিব লাগে। শিল্পীগৰাকীৰ মৃত্যুকলৈ কোনেও যেন বিভ্ৰান্তিৰ সৃষ্টি নকৰে।
জুবিন গাৰ্গৰ মৃত্যু এনেকুৱা এখন দেশত হৈছে যিখন দেশৰ শাসন ব্যৱস্থা আৰু পুলিচ কৰ্তৃপক্ষ পৃথিৱীৰ ভিতৰতেই নীতিগতভাৱে কঠোৰ। যিহেতু এক বাণিজ্যিক event management কোম্পানীয়ে জুবিনক বিদেশলৈ লৈ গৈছিল গতিকে তেওঁৰ ভাল -বেয়া সকলো ঘটনাৰ বাবেই তেওঁলোক দায়বদ্ধ।
জুবিনৰ মৃত্যুৰ কাৰণকলৈ এতিয়া নানা ধৰণৰ বিভ্ৰান্তিকৰ খবৰ ওলাব ধৰিছে। জীয়াই থাকোঁতে শিল্পীগৰাকীৰ জনপ্ৰিয়তাক লৈ একাংশ লোকে বেপাৰ কৰিছিল। শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ দেশত ম্ৰিয়মান হৈছে।
আমি ভাবো যি সকলে জুবিন গাৰ্গৰ লগত আগৰে পৰা আছে আৰু জুবিন গাৰ্গক পাগলৰ দৰে ভাল পায় তেওঁলোক একগোট হৈ ছিংগাপুৰ পুলিচৰ পৰা মৃত্যুৰ আচল কাৰণ উলিয়াই আনক। অসমৰ মানুহে প্ৰকৃত কথা জানিবলৈ অতীব উৎসুক আৰু উদগ্ৰীব হৈ আছে। অসমৰ সংবাদ গোষ্ঠীসমূহে যেন বিভ্ৰান্তিকৰ বাতৰি পৰিবেশন নকৰে।