/asomiyapratidin/media/media_files/2025/09/08/mur-mot-2025-09-08-11-29-02.jpg)
জন্মৰ শতবৰ্ষৰ জন্মদিনটোত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক সকলোৱে সোঁৱৰণ কৰিছে। প্ৰাণৰো প্ৰাণৰ শিল্পীজনক জনাইছে শ্ৰদ্ধাৰ অঞ্জলি। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই এই দিনটোত সুধাকণ্ঠই তেখেতৰ দেউতাকৰ হাতত লিখি দিয়া এখন পত্ৰৰ কথা সুঁৱৰি লিখিছে এই লেখা। আত্মীয়তা আৰু সান্নিধ্যতাৰ আধাৰত ভূপেন বৰাৰ এই লেখা ‘মোৰ মত’ত প্ৰকাশ কৰা হৈছে...
বহুমুখী প্রতিভাৰ আকৰ, বিশাল ব্যক্তিত্ব আৰু গাম্ভীর্যৰে বৈচিত্রপূর্ণ ব্যক্তিত্ব সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ লগত আমাৰ ঘৰখনৰ সম্বন্ধ আৰু সান্নিধ্যৰ স্মৃতি আজি তেখেতৰ জন্ম শতবার্ষিকীৰ শুভ লগনত ৰোমন্থনৰ প্ৰয়াস কৰিছো। ২০০৬ চনত যেতিয়া মই ৫৫৩ টা ভোটত কাণে কাণ মাৰি বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নির্বাচিত হৈছিলো।
তাৰ থিক কেইদিনমানৰ পিছত এখন ৰাজহুৱা সভাত বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক, প্রাক্তন শিক্ষামন্ত্রী প্রেম বৰা ডাঙৰীয়াক সমষ্টি উন্নয়নৰ সম্পৰ্কত তীব্র সমালোচনা কৰিছিলো। কিন্তু মোৰ সভাখনৰ পিছদিনা লক্ষীমপুৰৰ পৰা প্ৰকাশিত অসমীয়া প্রতিদিনৰ সংকলনত প্রাক্তন বিধায়ক প্ৰেম বৰা ডাঙৰীয়াক 'তীব্র সমালোচনা' শীর্ষক এটা বাতৰি মোৰ উক্ত বক্তব্য হুবহু প্রকাশ পাইছিল।
যিদিনাখন বাতৰিটো প্রকাশ পাইছিল সেইদিনা পুৱা মোৰ দেউতা প্রয়াত বগীৰাম বৰাই অসমীয়া প্রতিদিন কাকতখন হাততে লৈ বাৰণ্ডাতে চকীত বহি মন মাৰি আছিল। মই দেউতাৰ ওচৰলৈ গৈ মাত দিয়াত দেউতাই বৰ গুৰু-গম্ভীৰভাৱে মোক কৈছিল- 'তই প্রেম ককাইদেউক এনেকৈ কোৱাটো মই সহ্য কৰিব পৰা নাই।'
মই তেতিয়ালৈকে দেউতাই কাকতখন পঢ়া বুলি বুজি পালোঁ। দেউতাই কৈছিল- প্রেম ককাইদেউৰ লগত মোৰ বহুখিনি কথাই জড়িত হৈ আছে আনকি মোৰ বিয়াখনতো ককাইদেউ জড়িত আছিল। দেউতাই ক'লে, লক্ষীমপুৰৰ শিমলুগুৰিৰ এম.ভি স্কুলৰ দেউতা যেতিয়া প্রধান শিক্ষক আছিল (যাঠিৰ দশকত) সোৱণশিৰিৰ প্রলয়ংকাৰী বানপানীয়ে আমাৰ পানীগাঁৱৰ ঘৰখন আৰু দেউতাই কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰি গঢ় দিয়া আৰু প্রধান শিক্ষকৰূপে কৰ্মৰত এম.ভি স্কুলখন প্রলয়ংকাৰী বানপানীয়ে ঘৰৰ মূধছলৈকে পলসে পুতি পেলাইছিল। মোৰ ককা -আইতা আৰু দেউতা চৰম হতাশা আৰু দু-চিন্তাত ভাগি পৰিছিল।
বর্তমান আমাৰ বিষ্ণুনগৰ আদর্শ গাঁওখন অতীজতে এটা গ্রেজিং আছিল আৰু তাতে আহি মোৰ দেউতাৰ নেতৃত্বত চল্লিছটা পৰিয়ালে থিতাপি ল'লে যদিও বহু চেষ্টা কৰিও ঘৰ-বাৰী পাতি খেতি-বাতি কৰি থকা মাটিখিনি খাজনা দিব পৰাকৈ চৰকাৰৰ পৰা একো কাগজ পাতি উলিয়াব পৰা নাছিল। ১৯৬৭ চনত নাওবৈচা সমষ্টিত ভূপেন হাজৰিকাদেৱে নির্বাচন খেলোতে, মোৰ দেউতাই অতি সক্রিয় ভূমিকা পালন কৰা সুবাদতে মনত সাহস গোটাই ভূপেন হাজৰিকা দেৱক লগ ধৰিবলৈ তেতিয়াৰ অসমৰ ৰাজধানী শ্বিলং পালেগৈ। তেখেতক লগ ধৰি গোটেই ৪০ টা পৰিয়ালৰ কথাখিনি বিৱৰি কয় আৰু উত্তৰ লক্ষীমপুৰৰ মহকুমাধিপতিক মাটিখিনিৰ পট্টাখন পোৱাত সহায় কৰিবলৈ অনুৰোধ জনায়।
ড° ভূপেন হাজৰিকাদেৱে ক'লে- মই বর্তমান লক্ষীমপুৰলৈ যোৱাৰ কোনো কাৰ্যসূচী নাই, কিন্তু বিহপুৰীয়া সমষ্টিৰ বিধায়ক প্রেম বৰা ডাঙৰীয়া লক্ষীমপুৰতে আছে। মই তোমাৰ হাতত প্রেম বৰালৈ বুলি এখন চিঠি লিখি দিম, তুমি তেখেতৰ সৈতে গৈ মহকুমাধিপতিক লগ ধৰি কামখিনি কৰাই ল'বা আৰু দুমাহ মানৰ পাছত মই যাম, তেতিয়া যদি আৰু কিবা কৰিবলগীয়া থাকে মই সহায় কৰিম বুলি কথা দিলে।
দেউতাক ড০ ভূপেন হাজৰিকাদেৱে পত্রখনত নিজৰ ভাতৃ বুলি উল্লেখ কৰি মাটিখিনি ৪০ টা পৰিয়ালৰ নামত আৱন্টনৰ যাৱতীয় সহযোগিতা কৰিবৰ বাবে পত্ৰখনত আহ্বান জনালে। দেউতা শ্বিলংৰ পৰা ঘুৰি আহি প্ৰেম বৰা ডাঙৰীয়াক ভূপেন হাজৰিকা দেৱৰ পত্ৰখন দিলে।
প্রেম বৰা ডাঙৰীয়াই দেউতাক ক'লে, 'তোমাক দুদিনৰ পিছত মহকুমাধিপতি কার্যালয়লৈ লৈ যাম। পুৱা ১০-০০ বজাত তুমি পহুমৰা তিনিআলিতে ৰৈ থাকিবা মোৰ গাড়ীতে উঠাই ল'ম।' কথামতেই প্রেম বৰা ডাঙৰীয়াই তেখেতৰ ৫৫৫ নং ফিয়েত গাড়ীৰে দেউতাক মহকুমাধিপতিৰ কার্যালয়লৈ লৈ গ'ল আৰু ভূপেন হাজৰিকাদেৱৰ পত্ৰখন মহকুমাধিপতিক পঢ়ি শুনালে আৰু ক'লে- 'আমি জিলাখনৰ দুজন বিধায়কে আহ্বান জনাইছোঁ, বানাক্রান্ত ৪০ টা পৰিয়ালক ঘৰ -বাৰী বনাই খেতি- বাতি কৰি থকা মাটিখিনি তেওঁলোকৰ নামত আৱণ্টন কৰি দিব লাগে।' কেইদিনমানৰ পিছত মহকুমাধিপতিগৰাকীয়ে চক্র বিষয়া, মণ্ডল, কাননগু সকলোকে লগত লৈ আমাৰ ঘৰলৈ আহি গাঁৱৰ ৰাইজৰ সৈতে কথা বতৰা পাতে।
সেই সময়ৰ উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক প্ৰয়াত সুৰেণ কুমাৰ দত্ত আৰু মোৰ দেউতা বগীৰাম বৰাদেৱ দুয়োগৰাকী গাঁৱৰ প্ৰতিষ্ঠা সমিতিৰ সভাপতি/ সম্পাদক হিচাপে দায়িত্বত আছিল আৰু সম্পাদক হোৱা সূত্রে মোৰ দেউতাৰ নামতে প্রায় ৫০০ বিঘা মাটি এখন পট্টা ৪০ টা পৰিয়ালৰ বাবে দিলে।
দেউতাই মোক কৈছিল, " ভূপেন হাজৰিকা ডাঙৰীয়াৰ চিঠিখন আৰু প্রেম বৰা ডাঙৰীয়াই মহকুমাধিপতিৰ কাৰ্যালয়ত গৈ কৰা সহযোগিতাৰ বাবেই এই ভেটিটোত তইয়ো জন্ম হলি।" দেউতাই কোৱা এই কথাখিনি শুনি মোৰ মনত দুয়োজনৰ প্রতি কৃতজ্ঞতাৰে ভৰি পৰিছিল আৰু সেই কৃতজ্ঞতা শ্রদ্ধাৰ প্ৰেম বৰা বৰদেউতাৰ প্ৰতি আৰু বিশ্ববন্দিত ড০ ভূপেন হাজৰিকাৰ প্ৰতি অন্তৰৰ নিভৃতম কোণত চিৰ সজীৱ হৈ আছে।
ড০ ভূপেন হাজৰিকাদেৱক লগ পোৱাৰ মোৰ যি প্রবল হেঁপাহ আছিল সেইয়া প্রথম সুযোগ পাইছিলো ১৯৯৩ চনত। যেতিয়া মই ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হৈ আছিলো। সেই সময়তে ড০ ভূপেন হাজৰিকা ডাঙৰীয়াই "দাদা চাহেব ফাল্কে" বঁটা পাবলৈ সক্ষম হৈছিল।
তেতিয়া কিন্তু কেইবাখনো বাতৰি কাকতত কেইবাজনো বুদ্ধিজীৱীয়ে ড০ ভূপেন হাজৰিকা ডাঙৰীয়াই "দাদা চাহেব ফাল্কে" বঁটা পোৱাক লৈ অত্যন্ত বিৰূপ সমালোচনা কৰিছিল । আনকি এনেকুৱা বাতৰি ওলাইছিল এই ধৰণৰ সমালোচনা অব্যাহত থাকিলে ড০ ভূপেন হাজৰিকা ডাঙৰীয়াই দাদা চাহেব ফাল্কে বঁটা চৰকাৰক ঘূৰাই দিব।
তেতিয়া মই বিশ্ববিদ্যালয়ৰ পৰা নৈশ বাছত গুৱাহাটীলৈ গৈ ড০ ভূপেন হাজৰিকা ডাঙৰীয়াক লগ ধৰিছিলো। সেইদিনাখনেই মনিষা হাজৰিকা বৌকো লগ পালোঁ। ড০ ভূপেন হাজৰিকাদেৱক লগ ধৰি কৈছিলো যে, আমি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাই তেখেতক বিশ্ববিদ্যালয়লৈ নি সম্বর্ধনা জ্ঞাপন কৰিব বিচাৰো।
কথাৰ মাজতে তেতিয়া ড০ ভূপেন হাজৰিকা ডাঙৰীয়াই মোক কৈছিল- 'তোৰ দেউতাৰৰ লগত মোৰ বৰ ভাল সম্পর্ক আছিল, তই সৰু থাকোতে তহঁতৰ ঘৰখনলৈ মই গৈছিলো। তহঁতৰ ঘৰৰ চোতালত ধেইৰ মানুহ গোট খাইছিল। তহঁতৰ গাঁৱৰ নামঘৰলৈও মই গৈছিলো, তই তেতিয়া মাৰাৰ কোলাত আছিলি। তেখেতৰ মুখত দেউতাৰ আৰু আমাৰ গাঁৱৰ কথা শুনি মই গম নোপোৱাকৈয়ে চকুপানী ওলাইছিল।
আমাৰ আমন্ত্রণ ৰক্ষা কৰি তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৈ উপস্থিত হ'ল। সেই সময়ত আমাৰ উপাচার্য ড০ মুকুন্দ মাধৱ শর্মা ছাৰে আমাৰ ছাত্র একতা সভাত সম্পূর্ণ সহযোগিতা কৰিলে আৰু মনোজ জালানৰ ঘৰত থকাৰ ব্যৱস্থা কৰা হ'ল।
মনোজ জালান ডাঙৰীয়াৰ আলহী ঘৰত (Guest House) ড° ভূপেন হাজৰিকাদেৱৰ থকাৰ ব্যৱস্থা কৰা হ'ল। সেই সময়ত মনোজ জালানে নতুনকৈ লোৱা মাৰুতি (১০০০) গাড়ীখনেৰে ভূপেন হাজৰিকা ডাঙৰীয়াক অনা- নিয়া কৰিবলৈ মোক ব্যৱস্থা কৰি দিলে।
সেইমতে ড০ ভূপেন হাজৰিকা ডাঙৰীয়াক আমি সম্বর্ধনা জনোৱাৰ লগতে তেখেতে বহু কেইটা গানেৰে বিশ্ববিদ্যালয়ৰ পৰিয়ালক কি ধৰণে মন্ত্রমুগ্ধ কৰিছিল সেইয়া ব্যাখ্যাৰ নিষ্প্রয়োজন। ২০০৫ চনত যেতিয়া মোৰ নেতৃত্বত মহাপুৰুষ শ্রীশ্রী মাধবদেৱ বঁটা প্ৰৱৰ্তনৰ দিহা কৰিছিলো। ড০ ভূপেন হাজৰিকাদেৱে মোলৈ এখন দীঘলীয়া পত্র লিখিছিল, যিখন পত্র অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ সূর্য হাজৰিকাদেৱে মোৰ হাতত দিছিলহি।
তাত গুৰুজনাৰ প্রতিভা আৰু সৃষ্টিৰাজিৰ নতুন প্রজন্মৰ সম্মুখলৈ নিয়াত তুমি যি ভূমিকা লৈছা তাত মই সর্বত্তোপ্রকাৰে সহযোগিতা কৰিবলৈ সাজু আছো বুলি ড০ ভূপেন হাজৰিকাদেৱে উল্লেখ কৰিছিল আৰু পত্ৰখনত ভূয়সী প্রশংসা কৰিছিল।
২০১১ চনৰ ৫ নৱেম্বৰ, যিদিনা ড০ ভূপেন হাজৰিকা ডাঙৰীয়াদেৱে ইহলীলা সম্বৰণ কৰিছিল সেইদিনা গোটেই অসমৰ লগতে বিভিন্ন প্রান্তৰ লোকক বেদনাই চুই গৈছিল তাৰ পৰা আমাৰ গাওঁখনো ব্যতিক্রম নাছিল। আনকি মোৰ দেউতাকে প্রমূখ্যে কৰি আমাৰ গাঁৱৰ বহু লোকে তেখেতৰ মৃত্যুত উপবাসে আছিল আৰু গাঁৱত তেখেতৰ শ্রদ্ধাঞ্জলী অনুষ্ঠান নিজ পৰম্পৰা অনুযায়ী অনুষ্ঠিত কৰিছিল।
তেতিয়া মই বিহপুৰীয়াৰ বিধায়ক আছিলো। দেউতাই তেতিয়া কৈছিল- আজি আমাৰ অনুষ্ঠানটোৰ তয়েই সেৱকী হবি। দেউতাৰ কথা মতে ড০ ভূপেন হাজৰিকাদেৱৰ বিদেহ আত্মাৰ সদ্গতি কাৰণে আমাৰ গাঁৱৰ নামঘৰত দেউতা আৰু মই সেৱা আগবঢ়াইছিলোঁ।
নামঘৰত দেউতাই কৈছিল- "মানুহজনে আমাৰ কাৰণে বহুতো সহায় কৰি থৈ গ'ল, তেখেতক আজি বিশ্বই সোঁৱৰিছে। তই বিধায়ক হৈ আছ কিবা এটা কৰিবি।" মই একো ভাবি পোৱা নাছিলো কি কৰিম। তাৰ পিছত আলোচনা কৰি তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে বিহপুৰীয়া সমষ্টিৰ ধলপুৰ অঞ্চলত, স্থানীয় ৰাইজ আৰু সেই সময়ৰ মোৰ ৰাজনৈতিক সতীর্থ সকলৰ সহযোগত এটি প্রতিমূর্তি নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰিছিলো আৰু সেই সময়ৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ অমৰজ্যোতি চৌধুৰী ডাঙৰীয়াক ড০ ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্রতিমূর্তি আধাৰশিলা কৰিবলৈ আমন্ত্রণ জনাইছিলোঁ।
ড০ চৌধুৰীদেৱে আধাৰশিলা স্থাপন কৰি তেখেতৰ বৈচিত্র আৰু গাম্ভীর্যপূর্ণ বক্তব্যৰ মাজতে কৈছিল যে, প্রতিমূর্তিটো উন্মোচনৰ দিন এটাও আজিয়ে ধার্য কৰিব লাগে। সেই মর্মেই নিদিষ্ট সময়ত প্রতিমূর্তি নির্মাণ সম্পূর্ণ কৰি উন্মোচনৰ বাবে বিশিষ্ট অভিনেতা প্রয়াত বিজু ফুকন ডাঙৰীয়া আৰু সেই সময়ৰ বিশিষ্ট সাংবাদিক প্রয়াত মনজিত মহন্ত ডাঙৰীয়াক মাতি আনি নির্ধাৰিত সময়ত মূর্তি ভাগ উন্মোচন কৰিছিলো।
আজি মই গৌৰাৱান্বিত যে, ধলপুৰ সাহিত্য সভাই দায়িত্ব লৈ মূর্তি ভাগ আটকধুনীয়াকৈ ৰাখিছে। আজি সংগীতসূর্য, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাদেৱৰ জন্মৰ শত বার্ষিকীত এই মহান অসমীয়া কালজয়ী গীতিকাৰ ড০ ভূপেন হাজৰিকাদেৱৰ শ্রীচৰণত মোৰ শতকোটি প্রণিপাত নিবেদন কৰিছো।