মাই ভাৰত এনএছএছ বঁটা প্ৰাপক ড০ ভুবন চন্দ্ৰ চুতীয়াক নগাঁও বিশ্ববিদ্যালয়ত উষ্ম আদৰণি...

 ২০২২-২৩ বৰ্ষৰ মাই ভাৰত এন এছ এছ বঁটা লাভ কৰা নগাওঁ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ কাৰ্যসূচী বিষয়া ড০ ভুবন চন্দ্ৰ চুতীয়াক নগাওঁ বিশ্ববিদ্যালয়ত উষ্ম আদৰণি।

author-image
Tushar Pratim
New Update
NSS 08

ডিজিটেল সংবাদ, নগাঁও:  ২০২২-২৩ বৰ্ষৰ মাই ভাৰত এন এছ এছ বঁটা লাভ কৰা ড০ ভুবন চন্দ্ৰ চুতীয়াক নগাওঁ বিশ্ববিদ্যালয়ত উষ্ম আদৰণি। নগাওঁ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপ-পঞ্জীয়ক ড০ নৱপ্ৰসাদ নাথে আঁত ধৰা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত নগাওঁ বিশ্ববিদ্যালয় (পূৰ্বৰ নগাওঁ কলেজ অট’নমাচ)ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ কাৰ্যসূচী বিষয়াগৰাকীক এই আদৰণি জনোৱা হয়। 

উল্লেখ্য যে, যোৱা ৬ অক্টোবৰত ৰাষ্ট্ৰপতি ভৱনত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত দেশৰ আন দহগৰাকী এন এছ এছৰ কাৰ্যসূচী বিষয়াৰ লগতে ড০ ভুবন চন্দ্ৰ চুতীয়াক সমাজৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে এই বঁটা প্ৰদান কৰে মহামান্য ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মুৱে। নগাঁও বিশ্ববিদ্যালয়ত আয়োজিত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ হিতেশ ডেকাই ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এনে সন্মান বিশ্ববিদ্যালয়খনৰ বাবে বাবে অতি গৌৰৱৰ বিষয় বুলি অৱগত কৰে। 

উপাচাৰ্যগৰাকীয়ে ড০ ভুবন চুতীয়াই নিৰৱচ্ছিন্নভাৱে সমাজৰ হকে কৰি অহা কামৰ বাবে  ভূয়সী প্ৰশংসা কৰে। ড০ ভুবন চুতীয়াই বিশ্ববিদ্যালয়ৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি ইয়াৰ বাবে কৃতজ্ঞতা জনাই কয় যে, ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই সন্মানৰ অংশীদাৰ নগাঁও বিশ্ববিদ্যালয়ৰ সকলো সদস্য। তেওঁ ভৱিষ্যতেও এনএছএছৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। 

নগাঁও বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ধ্ৰুৱজ্যোতি বৰুৱাকো নগাঁও বিশ্ববিদ্যালয়ৰ এনএছএছ গোটৰ হৈ বঁটা গ্ৰহণ কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়। এনএছএছ কোষক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 

লগতে এন এছ এছৰ সহকাৰী কাৰ্যসূচী বিষয়া ড০ মানস জ্যোতি নিৰ্মলীয়াকো এন এছ এছত সেৱা আগবঢ়াই অহাৰ বাবে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক-কৰ্মচাৰী, এনএছএছৰ সদস্য, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

এন এছ এছ