/asomiyapratidin/media/media_files/2025/08/18/mur-mot-1-2025-08-18-10-21-41.jpg)
আজি পহিলা ভাদ। অসমীয়া জাতীয় জীৱনৰ অতিকে পৱিত্ৰ ভাদ মাহ আজিৰে পৰা আৰম্ভ হৈছে । সমগ্ৰ ভাদ মাহত ৰাজ্যৰ প্ৰতিটো নামঘৰ, প্ৰতিখন সত্ৰত বায়ণৰ খোলৰ চাপৰ-গায়নৰ গীতৰ ৰাগ, হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। এই দিনটোৰ সৈতে সংগতি ৰাখি অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি কুমাৰ দীপক দাসৰ এটি লেখা আজি 'মোৰ মত'ত প্ৰকাশ কৰা হ'ল...
শাওন আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনাৰে পৰা আৰম্ভ হোৱা ভাদ মাহ অসমীয়া বছৰৰ পঞ্চমটো মাহ। ভাদ এই নামটো ʼপূৰ্বভাদ্ৰপদʼ নামৰ নক্ষত্ৰৰ পৰা উৎপত্তি হোৱা । জ্যোতিষ শাস্ত্ৰৰ পণ্ডিতসকলৰ মতামত অনুসৰি কোৱা হয় যে ভাদ মাহত সিংহ ৰাশিত ৰবি অত্যন্ত শক্তিশালী হয়, কিয়নো সিংহ ৰাশি ৰবি গ্ৰহৰ নিজা ঘৰ। ভাদ মাহত মহাপ্ৰয়ান ঘটিলে জীৱৰ স্বৰ্গপ্ৰাপ্তি তথা মুক্তি হয় বুলিও বিশ্বাস কৰা হয়।
দুজনা গুৰু ক্ৰমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত আৰু ভাদ মাহৰ কৃষ্ণপক্ষৰ পঞ্চমী তিথিত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাব হৈছিল ।আনহাতে , এই পবিত্ৰ মাহতেই ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত বৈষ্ণৱ গুৰু মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰো আবিৰ্ভাৱ হৈছিল।
ভাদ মাহৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈছিল। এই অষ্টমী তিথিত অতি উলহ মালহ আৰু ভক্তিভাৱেৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথি জন্মাষ্টমী পালন কৰা হয়। জন্মাষ্টমীৰ পাছদিনা নন্দোৎসৱ পতা হয় ।অৰ্থাৎ জন্মৰ পৰা মৃত্যুলৈকে সামাজিক জীৱনৰ ভিন্ন ক্ৰিয়া কৰ্মত এক দেহজ আৰু হূদয়স্থ চিন্তাৰ মূলাধাৰ স্বৰূপ ভগৱান শ্ৰীকৃষ্ণৰ জন্মমাহ । সেয়ে এই ভাদ মাহ অসমীয়া লোকসমাজৰ অতি পবিত্ৰ মাহ।
মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱকে ধৰি আটাই কেউজন পূজ্যস্পাদ মহাপুৰুষে অসমত প্ৰৱৰ্তন কৰা বৈষ্ণৱ ভক্তি আন্দোলনৰ আঁত ধৰি সেই ষোড়শ শতিকাতে তেৰাসৱে স্থাপন কৰা সত্ৰৰ লগতে থান নামঘৰ সমূহে বৰ্তমানলৈকে অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত এক অনন্য সুখ শান্তি বিলাই আহিছে আৰু শান্তি সমন্বয় সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰি তুলিছে ৷ জন বিশ্বাস মতে , এই শ্ৰৱণ , কীৰ্তন আৰু স্মৰণ ৰ জৰিয়তেই বৈকুন্ঠ লাভ কৰিব পাৰে।
সেয়ে ওৰে ভাদ মাহ আয়তীৰ নাম প্ৰসংগৰে মুখৰিত হৈ থাকে প্ৰতিটো নামঘৰৰ মজিয়া । আকৌ পৌৰাণিক আখ্যান মতে ভাদ মাহৰ শুক্লা নৱমী তিথিত মহামুনি শুকদেৱে শাপগ্ৰস্ত পৰীক্ষিতক সাতদিন সাতৰাতি ভাগৱত পাঠ কৰি শুনাইছিল। সেয়ে এই ভাদ মাহৰ নাম প্ৰসংগৰ উপৰিও অসমীয়া সমাজত অতি ভক্তিভাৱেৰে,বিশ্বাসেৰে অখণ্ড ভাগৱত পাঠ কৰাও দেখা যায়।
এই পবিত্ৰ ভাদ মাহত সত্ৰ,নামঘৰ হৰিনামৰ ধ্বনি,হাত চাপৰিৰে মুখৰিত হৈ থাকে। এনে হৰি ভক্তি আৰু হৰি নামৰ শ্ৰৱণ কীৰ্তন আৰু স্মৰণে ভাদমাহত কৃষ্ণভক্তিত গদগদ হৈ বৈষ্ণৱপ্ৰাণ ৰাইজে হিয়া উজাৰি নামত অংশ ল'ব ।
বৈষ্ণৱ ধৰ্মৰ আধাৰ ভাগৱত পুৰাণ, উপনিষদ আৰু গীতা পাঠ হব ৷ সত্ৰ নামঘৰৰ আঁৰত থকা অমোঘ শক্তিয়ে মানুহৰ সত্বাত এক পৰমশক্তিমান ব্ৰহ্মৰ অস্তিত্বৰ উপলব্ধি আনি দি সমাজ খনলৈ সুখ-শান্তি-সমৃদ্ধি কঢ়িয়াব ।এই আপাহতে সদৌটি ৰাইজলৈ ভাদমাহৰ আৰম্ভনিৰ প্ৰাকক্ষণত পবিত্ৰ পবিত্ৰ ভাদমাহৰ আন্তৰিক শুভকামনা আৰু ভক্তি পূৰ্ণ সেৱা যাচিলোঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us