/asomiyapratidin/media/media_files/2026/03/01/whatsapp-image-2026-2026-03-01-13-33-14.jpeg)
ডিজিটেল ডেস্কঃ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ভাৰতৰ ভিন্ন প্ৰান্ত শোক দেখিবলৈ পোৱা গৈছে। আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰৰ নিশ্চয়তা অহাৰ লগে লগে দিল্লীত থকা ইৰাণৰ দূতাবাসে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰে।
ইফালে, দেওবাৰে পুুৱাই জম্মু-কাশ্মীৰত একাংশ লোকে উলিয়াই শোক সমদল। এই সমদলত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে। কেইবাজনো অংশগ্ৰহণকাৰীয়ে আমেৰিকা আৰু ইজৰাইলে নিৰীহ লোকক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি পুনৰ হাজাৰজন খামেইনীৰ আকৌ জন্ম হ'ব বুলি উল্লেখ কৰে।
আনহাতে, লক্ষ্ণৌতো ছিয়া সম্প্ৰদায়ৰ লোকসকল কান্দি কান্দি ৰাজপথলৈ ওলাই অহা দেখা যায়। খামেইনীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ছিয়া মুছলমান সম্প্ৰদায়ৰ লোকে। লক্ষ্ণৌৰ ছিয়া সদস্যসকলে তিনিদিন শোক পালন কৰিব বুলিও জানিব পৰা গৈছে। একেদৰে, বেংগালুৰুতো দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ।
ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়াৰ সভাপতি তথা ইদগাহৰ ইমাম মৌলানা খালিদ ৰছিদে কয় যে, ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে স্বাধীন দেশ ইৰাণক আক্ৰমণ কৰিছিল আৰু স্কুলকো ৰেহাই দিয়া নাছিল। আমি ইয়াক গৰিহণা দিছো।
ইফালে ছিয়া মুন কমিটীৰ সভাপতি মৌলানা ছাইফ আব্বাছ নকৱীয়ে সদৰী কৰে যে, খামেইনী এনে এজন নেতা আছিল যিয়ে বিশ্বৰ সকলো মুছলমানক যত্ন লৈছিল। আজি সমগ্ৰ বিশ্বই দেখিছে যে ইজৰাইল আৰু আমেৰিকাই কেনেকৈ সন্ত্ৰাসবাদ বিয়পাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us